NORTHEAST NOW (Assamese)
অসম

চামগুৰিৰ সোণাৰিবালিত নিশা এটিএম লুটৰ অপচেষ্টা দুৰ্বৃত্তৰ দলৰ

Posted by: ভাৰ্গব হাজৰিকা Updated by: ভাৰ্গব হাজৰিকা March 18, 2020 2:15 pm
ATM Story

নগাঁও জিলাৰ চামগুৰিত দিনকদিনে অপৰাধ জনিত কাৰ্যকলাপ বৃদ্ধি পাবলৈ ধৰিছে।

চামগুৰিৰ সোণাৰিবালিত মঙলবাৰে নিশা কোনো দুৰ্বৃত্তই এটা ভাৰতীয় ষ্টেট বেংকৰ এটিএম লুটৰ অপচেষ্টা চলোৱাৰ ঘটনাই সম্প্ৰতি চাঞ্চ্যলৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলটোতে।

দুৰ্বৃত্তই নিশা সন্তৰ্পণে গেছ কাটাৰেৰে এটিএম মেচিন থকা কোঠাটোৰ সন্মুখৰ চাটাৰ কাটি কোঠাটোত প্ৰৱেশ কৰাৰ চিন স্পষ্ট হৈ আছে ঘটনাস্থলীত।

বৃহৎ পৰিমাণৰ ধন মজুত থকাৰ সন্দেহ কৰি সেই ধন লুটৰ বাবে দুৰ্বৃত্তই এটিএমটো ভঙাৰ চেষ্টা চলাইছিল যদিও অৱশেষত সেই চেষ্টা ব্যৰ্থ হয়।

অৱশ্যে, দুৰ্বৃত্তই এটিএম মেচিনৰ এলচিডি,  চিচি টিভি কেমেৰা আৰু কোঠাটোত সংস্থাপিত সংকেতকৰ বিস্তৰ ক্ষতি সাধন কৰা দেখা যায়।

ৰাতিপুৱা স্থানীয় ৰাইজে ঘটনাটো প্ৰত্যক্ষ কৰি ততাতৈয়াকৈ চামগুৰি আৰক্ষীক খবৰ দিয়ে।

বৰ্তমান সমগ্ৰ ঘটনাৰ প্ৰাৰম্ভিক তদন্ত আৰম্ভ কৰিছে ঘটনাস্থলীত উপস্থিত হোৱা আৰক্ষীৰ লোকে।