NORTHEAST NOW (Assamese)
Popular Stories

নিৰ্ভয়া কাণ্ডৰ দোষীৰ পত্নীয়ে ফাঁচিৰ পূৰ্বে স্বামীৰ পৰা বিবাহ বিচ্ছেদ বিচাৰি কৰিলে আবেদন

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 18, 2020 2:01 pm
Nirbhaya rapists to hang tomorrow at 5.30 am

নিৰ্ভয়া ধৰ্ষণ কাণ্ডৰ চাৰিগৰাকী দোষীৰ ভিতৰত অন্যতম অক্ষয় ঠাকুৰৰ পত্নীয়ে ফাঁচিৰ পূৰ্বে স্বামীৰ পৰা বিবাহ বিচ্ছেদ বিচাৰি ওৰাংগাবাদৰ এখন স্থানীয় আদালতত আবেদন কৰিছে।

আদালতত দাখিল কৰা আবেদনত অক্ষয়ৰ পত্নীয়ে তেওঁ বিধবা হিচাপে সমাজত বাচি থাকিব নিবিচাৰে বুলি উল্লেখ কৰে।

২০ মাৰ্চত ফাঁচি হ’বলগীয়া অক্ষয়ক প্ৰথমতে বিবাহ বিচ্ছেদ দিব বিচাৰে বুলিও আৱেদনত অক্ষয়ৰ পত্নীয়ে লগতে উল্লেখ কৰে।

নিৰ্ভয়া ধৰ্ষণ আৰু হত্যা কাণ্ডত দোষী সাব্যস্ত হোৱা চাৰি দোষীক বৰ্তমান তিহাৰ কাৰাগাৰত ৰখা হৈছে আৰু ২০ মাৰ্চত তেওঁলোকক ফাঁচি দিয়াৰ কথা।

নিৰ্ভয়া কাণ্ডৰ চাৰি দোষীৰ ফাঁচি পিচুওৱাৰ বাবে তেওঁলোকৰ অধিবক্তাই বৰ্তমান বিভিন্ন কৌশল গ্ৰহণ কৰিছে। ইতিমধ্যে দুবাৰ তেওঁলোকৰ ফাঁচি পিচুওৱা হৈছে।

নিৰ্ভয়া কাণ্ডৰ চাৰি দোষীৰ অধিবক্তাই ইতিমধ্যে আন্তঃৰাষ্ট্ৰীয় আদালত আৰু ভাৰতীয় মানৱ অধিকাৰ আয়োগৰ ওচৰ চাপিছে।