ত্ৰিপুৰাত পোহৰলৈ আহিল প্ৰথমজন ক’ৰ’নাত আক্ৰান্ত ৰোগীৰ ঘটনা

আজি ত্ৰিপুৰাত ক’ৰ’না ভাইৰাছত আক্ৰান্ত হোৱা প্ৰথমটো ঘটনা পোহৰলৈ আহিছে। ৰাজ্যখনৰ স্বাস্থ্য মন্ত্ৰী দীপ দেৱৱৰ্মাই ইয়াৰ নিশ্চিতি প্ৰদান কৰে্।
ক’ৰ’নাত আক্ৰান্ত ৪৫ বছৰীয়া মহিলা গৰাকী গোমটি জিলাৰ উদয়পুৰৰ বুলি জানিব পৰা গৈছে।
সূত্ৰৰ পৰা জানিব পৰা মতে, বিগত ছদিনৰ পৰা জ্বৰত ভুগি মহিলাগৰাকী গোমটি জিলা চিকিৎসালয়ত ভৰ্তি হৈ আছিল।
৫ এপ্ৰিল অৰ্থাৎ দেওবাৰে মহিলাগৰাকীয়ে শ্বাহ-প্ৰশ্বাসত অসুবিধাৰ সন্মুখীন হোৱাত গোমটি চিকিৎসালয়ৰ পৰা আগৰতলাস্থিত ILS নামৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰা হয়।
এই চিকিৎসালয়খনৰ পৰা মহিলাগৰাকীক আগৰতলা মেডিকেল কলেজ হস্পিতাললৈ আনি পৰীক্ষা কৰা হয়। আজি সন্ধিয়া মহিলাগৰাকী পৰীক্ষাৰ ৰিজাল্টত কোভিদ-১৯ পজিটিভ আহে।
পজিটিভ পোৱাৰ পিছতেই চিকিৎসকসকলে তেওঁৰ চিকিৎসাৰ ব্যৱস্থা কৰাৰ লগতে স্বাস্থ্য বিভাগে তেওঁৰ পৰিয়ালৰ লোকসকলক আৰু তেওঁৰ সংস্পৰ্শলৈ অহা লোকক কোৱাৰেণ্টাইন কৰাৰ ব্যৱস্থ্যা কৰে।
ৰাজ্যখনৰ মুখ্য মন্ত্ৰী বিপ্লৱ কুমাৰ দেৱেও এই কথাৰ নিশ্চিতি দিয়াৰ লগতে ৰাজ্যবাসীক শংকিত নহ’বলৈ আহ্বান জনায়।