কম দিনত শৰীৰৰ ওজন কমাব বিচাৰিছে যদি সেৱন কৰক এইকেইবিধ পানীয়

পৰিৱৰ্তিত খাদ্যাভ্যাসৰ বাবেই হওক বা শাৰীৰিক শ্ৰম বৰ্জিত আধুনিক জীৱনপ্ৰণালীৰ বাবেই হওক বৰ্তমান সময়ত প্ৰায় সংখ্যক মানুহকেই মেদবহুলতাজনিত সমস্যাত ভুগা দেখিবলৈ পোৱা যায়।
যদিহে আপুনি মেদবহুলতাৰ পৰা পৰিত্ৰান পাব খোজে বা শৰীৰৰ ওজন হ্ৰাস কৰি নিজকে ‘শ্লিম’ ৰাখিব বিচাৰিছে তেন্তে আপোনাৰ বাবে আমি আগবঢ়াইছো কেইটিমান বিশেষ ‘টিপছ’।
ঘৰতে তৈয়াৰ কৰিব পৰা তলত উল্লেখিত পানীয় কেইবিধ নিয়মিতৰূপত সেৱন কৰি আপুনি নিজৰ শৰীৰৰ ওজন কমাব পাৰে।
১. চেলেৰি (Celery): নিয়মিতৰূপে খাদ্য খোৱাৰ পিছত চেলেৰি চৰ্বত সেৱন কৰিলে আপুনি কম দিনৰ ভিতৰতে শৰীৰৰ মেদ হ্ৰাস পোৱা দেখিবলৈ পাব।
২. ডালচেনি : ডালচেনি মিহলোৱা পানী সেৱন কৰিলেও শৰীৰৰ ওজন হ্ৰাস পায়। এগিলাচ গৰম পানীত নিৰ্দিষ্ট পৰিমাণৰ ডালচেনিৰ গুৰি মিহলি কৰি ইয়াক সেৱন কৰিব পাৰি।
৩. জীৰা : পানীত জীৰা মিহলাই খালেও দেহৰ ওজন হ্ৰাস পায়। অৱশ্যে এইক্ষেত্ৰত কিছু সাৱধান হোৱা দৰকাৰ, মাত্ৰাধিক পৰিমাণত এই পানীয় খালে শৰীৰৰ অপকাৰ হ’ব পাৰে।
৪. ধনিয়া : ধনিয়া পানী খালেও দেহৰ ওজন লাঘৱ হোৱাত সহায় কৰে। ধনিয়া পানীৰ বিভিন্ন উপৰাকিতা আছে, বিশেষকৈ ঋতুস্ৰাৱৰ সমস্যাত ভুগা মহিলাৰ বাবে ই যথেষ্ট উপকাৰী।