NORTHEAST NOW (Assamese)
Popular Stories

ভাৰতত আটাইতকৈ শীৰ্ষত থকা ইন্টাৰনেট চাইটটো কি?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 9, 2020 10:32 am
81-512

বৰ্তমান ভাৰতত জনপ্ৰিয়তাৰ শীৰ্ষত থকা ইন্টাৰনেট ব্ৰেণ্ডটোৰ নাম কি?

TRA নামৰ এটা প্ৰতিষ্ঠানে চলোৱা সমীক্ষাত এই তথ্য পোহৰলৈ আহিছে।

প্ৰতিষ্ঠানটোৱে চলোৱা সমীক্ষাৰ মতে বৰ্তমান ভাৰতৰ মানুহে আটাইতকৈ বেছি ব্যৱহাৰ কৰা ইন্টাৰনেট ব্ৰেণ্ডটো হৈছে অমাজ’ন।

অমাজ’নৰ পিছতে দ্বিতীয় স্থানত আছে গুগল।

গুগলৰ পিছতে তৃতীয় স্থানত আছে সামাজিক মাধ্যম হিচাপে জনপ্ৰিয়তা লাভ কৰা ফেচবুক।

উল্লেখ্য যে ফেচবুকে একেৰাহে পঞ্চমবাৰৰ বাবে তৃতীয় স্থান লাভ কৰিছে।

চতুৰ্থ আৰু পঞ্চম স্থানত আছে ক্ৰমে জ’মেতো আৰু গুগল প্লে ষ্ট’ৰ। আনহাতে উলাই ষষ্ঠ স্থানত থকাৰ বিপৰীতে জি5 এ আছে সপ্তম স্থানত।

সমীক্ষাত ৩০ টা ব্ৰেণ্ডক তালিকাভুক্ত কৰা হৈছে। এই ৩০ টা ব্ৰেণ্ডৰ ১৬ টা ভাৰতীয় ব্ৰেণ্ড হোৱাৰ বিপৰীতে ১২ টা হৈছে আমেৰিকাৰ আৰু ২ টা চীনৰ।