NORTHEAST NOW (Assamese)
Popular Stories

এইবাৰ মহিলাৰ আই পি এল আৰম্ভ কৰাৰ প্ৰস্তাৱ সুনীল গাভাস্কাৰৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 9, 2020 5:48 pm
qm9836u_india-womens-t20-world-cup-afp_625x300_09_March_20

টি-২০ বিশ্বকাপত ভাৰতীয় মহিলা দলটোৱে ফাইনেলত অষ্ট্ৰেলিয়াৰ হাতত পৰাস্ত হোৱাৰ পিছতে ভাৰতৰ মহান ক্ৰিকেটাৰ সুনীল গাভাস্কাৰে মহিলা ক্ৰিকেটাৰৰ প্ৰতিভা সন্ধানৰ বাবে মহিলাৰ আই পি এল আৰম্ভ কৰাৰ প্ৰস্তাৱ আগবঢ়াইছে।

ফাইনেলত ভাৰতীয় দলটোৱে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ৮৫ ৰানত পৰাস্ত হৈছে। এই প্ৰসংগত গাভাস্কাৰে কয় যে এখন মেচতো পৰাস্ত নোহোৱাকৈ ভাৰতে ফাইনেলত প্ৰৱেশ কৰাটোৱে প্ৰমাণ কৰিছে যে মহিলা ক্ৰিকেট সঠিক দিশত আগবাঢ়িছে।

ইণ্ডিয়া টুডেত দিয়া এটা সাক্ষাতত গাভাস্কাৰে কয়, ‘মই সৌৰভ গাংগুলী আৰু বি চি চি আইক ক’ব বিচাৰো যে অহা বছৰৰ পৰা মহিলাৰ আই পি এল আৰম্ভ হওক যাতে প্ৰতিভাবোৰ ওলাই আহে। ভাৰতত প্ৰতিভাৰ অভাৱ নাই’।

তেওঁ লগতে কয়, ‘বি চি চি আইয়ে মহিলা ক্ৰিকেটক বিশেষভাৱে গুৰুত্ব দিছে আৰু সেয়ে মহিলা ক্ৰিকেটৰ উত্তৰণ ঘটিছে। বিশ্বকাপ আৰম্ভ হোৱাৰ এমাহ আগতেই ভাৰতীয় দল অষ্ট্ৰেলিয়াত উপস্থিত হৈ শৃংখলাত অংশ লৈছে’।

ইফালে গাভাস্কাৰে স্মৃতি মান্ধানা আৰু হৰমনপ্ৰীত কৌৰৰ উদাহৰণ দাঙি ধৰি কয়, ‘স্মৃতি আৰু হৰমনে বিগ বেশ্ব খেলিছে, যিয়ে তেওঁলোকক বহুত সহায় কৰিছে। যেনেদৰে আই পি এলে ভাৰতৰ পুৰুষ ক্ৰিকেটাৰক সহায় কৰিছে’।