NORTHEAST NOW (Assamese)
অসম

গুগলৰ চিইঅ’ই কৰোনাভাইৰাছ সম্পৰ্কে সজাগতা বিয়পোৱাৰ বাবে গ্ৰহণ কৰিছে বিশেষ পদ্ধতি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 9, 2020 5:22 pm
Story-3-1140x570

গোটেই বিশ্বতে কৰোনাভাইৰাছৰ ঘটনা বৃদ্ধি পোৱাৰ সময়তে, জনপ্ৰিয় চাৰ্চ ইঞ্জিণ গুগলেও সজাগত কাৰ্যসূচী গ্ৰহণ কৰিছে যাতে এই ভাইৰাছৰ প্ৰসাৰ ৰোধ কৰিব পৰা যায়।

গুগলৰ চিইঅ’ সুন্দৰ পিচাইয়ে তেওঁৰ ব্লগ’ৰ জৰিয়তে কৰোনাভাইৰাছৰ বিষয়ে বিতং তথ্য দাঙি ধৰিছে আৰু তেওঁ জানিবলৈ দিছে যে গুগল চাৰ্চ, গুগল মেপছ, য়ুটিউব আৰু অন্যান্য টীমে কৰোনাভাইৰাছ সম্পৰ্কত জনসাধাৰণক সজাগ কৰাত নিয়োজিত হৈছে।

তেওঁ জানিবলৈ দিয়ে যে এই টীমবোৰে কৰোনাভাইৰাছ সম্পৰ্কীয় ভুৱা বাতৰি আৰু ভিডিঅ’সমূহ পৰীক্ষা কৰি আছে।

পিচাই জানিবলৈ দিয়ে যে গুগলৰ SOS এলাৰ্টে  বিশ্ব স্বাস্থ্য সংস্থাৰ পৰা প্ৰত্যক্ষভাৱে লাভ কৰা শুদ্ধ বাতৰি, প্ৰতিৰোধ ব্যৱস্থা আৰু তথ্যসমূহ জনসাধাৰণক প্ৰেৰণ কৰাৰ প্ৰস্তুতি চলাই আছে।

পিচাইয়ে লগতে লিখিছে যে গুগলৰ “ট্ৰাষ্ট এণ্ড ছেফটি’ টীমে কৰোনাভাইৰাছ সম্পৰ্কীয় ভুৱা বাতৰিৰ পৰা ব্যৱহাৰকাৰীক সুৰক্ষা দিয়াৰ বাবে নিৰৱিচ্ছিন্নভাৱে কাম কৰি আছে।

পিচাইয়ে আৰু কয় যে গুগলে লগতে কৰোনাভাইৰাছ সম্পৰ্কীয় ভুৱা বিজ্ঞাপন বন্ধ কৰাৰ বাবেও কাম কৰি আছে।

গুগলৰ চিইঅ’গৰাকীয়ে জানিবলৈ দিয়ে যে এনেধৰণৰ হাজাৰ সংখ্যক বিজ্ঞাপন ইতিমধ্যে উঠাই দিয়া হৈছে আৰু সেইদৰে তেওঁলোকে বিশ্ব স্বাস্থ্য সংস্থা তথা কেইবাটাও চৰকাৰী সংস্থাক বিজ্ঞাপনৰ জৰিয়তে সহায় কৰি আহিছে।