NORTHEAST NOW (Assamese)
অসম

এখন পত্ৰৰ জৰিয়তে মীৰা বৰঠাকুৰক শাস্তি প্ৰদানৰ ভাবুকি ‘অসমপ্ৰেমী’ৰ

Posted by: দীপজ্যোতি শৰ্মা Updated by: দীপজ্যোতি শৰ্মা March 9, 2020 4:24 pm
Story-2_a-1-750x375

কা বিৰোধী আন্দোলনত সক্ৰিয়ভাৱে অংশ লৈ অহা প্ৰাক্তন বিজেপি নেত্ৰী তথা সমাজকৰ্মী মীৰা বৰঠাকুৰক আজি কোনো অচিনাক্ত দুৰ্বৃত্তই এখন পত্ৰৰ জৰিয়তে ভাবুকি প্ৰদান কৰিছে।

‘আজি ৰাতিপুৱা মোৰ ঘৰৰ বাহিৰত এই ভাবুকি পত্ৰখন লাভ কৰো’, বৰঠাকুৰে ছ’চিয়েল মিডিয়াৰ জৰিয়তে এই কথা ৰাজহুৱা কৰে।

অসমপ্ৰেমী বুলি এক বিশেষ পৰিচয়েৰে প্ৰেৰণ কৰা পত্ৰখনত লিখিছে, ‘মীৰা বৰঠাকুৰ নমস্কাৰ গ্ৰহণ কৰিব। ‘কা’ বিৰোধী সভা-সমিতিত ভাষণবাজী বন্ধ কৰক। অসমীয়া হৈ থকাৰ চেষ্টা কৰক। বাংলাদেশী মুছলমানক লৈ ৰাজনীতি কৰা বন্ধ কৰক। মোদী ডাঙৰীয়াৰ বিষয়ে আজিৰ পৰা এটা শব্দ সহ্য কৰা নহ’ব। ‘কা’ বিৰোধী সভাত উচটনিমূলক ভাষণ দি নেতাগিৰী কৰা বন্ধ কৰক। অন্যথা উচিত শাস্তি দিবলৈ বাধ্য হম’।

Story-2-5
মীৰা বৰঠাকুৰক দিয়া ভাবুকি পত্ৰখন

 

পত্ৰ খনৰ শেষত নাম জনাৰ প্ৰয়োজন নাই বুলি উল্লেখ কৰি কয়, ‘পত্ৰক গুৰুত্ব সহকাৰে গ্ৰহণ কৰিব বুলি আশা কৰিলো’।

ইফালে পত্ৰখন পোৱাৰ পিছতে সমাজকর্মী বৰঠাকুৰে গুৱাহাটীৰ হাতীগাঁও থানাত এজাহাৰ দাখিল কৰিছে বুলি জানিবলৈ দিয়ে।

পত্ৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সমাজকর্মী মীৰা বৰঠাকুৰে কয়, ‘যিয়ে পত্ৰখন দিছে তেওঁৱে ভয় কৰি দিছে। কাৰণ তেওঁৰ নাম আৰু পৰিচয় নাই’।