NORTHEAST NOW (Assamese)
অসম

ইমান দীঘল এইটো মানুহৰ দাঁতেইনে? বিশ্ব ৰেকৰ্ড ভাৰতীয় ডাক্তৰৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 10, 2020 8:15 pm
Indian dentist reportedly extracts world's longest tooth

ছবিত দেখা দাঁতটো মানুহৰেই, মধ্য প্ৰদেশৰ পৱন ভাৱচাৰ নামৰ যুৱক এজনৰ।

দাঁতটোৰ দৈৰ্ঘ্য শুনি আপুনি আচৰিত নহ’ব— ৩.৯ ছেণ্টিমিটাৰ।

যোৱা ৯ ফেব্ৰুৱাৰিত দাঁতটো সৰুওৱা ডাঃ শ্ৰীবাস্তৱ নামৰ চিকিৎসকজন এতিয়া বিশ্ব ৰেকৰ্ডৰ অপেক্ষাত ৰৈছে।

বিশ্বৰ আটাইতকৈ দীঘল দাঁতৰূপে ই গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছৰ স্বীকৃতি পাব বুলি চিকিৎসকজনে আশা কৰিছে।

মধ্য প্ৰদেশৰ ২০ বছৰীয়া যুৱকজনে দাঁতৰ বিষত ভুগি চিকিৎসকজনৰ কাষ চাপিছিল।

বিশ্বৰ সৰ্বাধিক দীঘল দাঁত সৰোওৱাৰ ৰেকৰ্ডটো আছে এজন জাৰ্মান চিকিৎসকৰ নামত।

তেওঁ সৰুওৱা দাঁতটোৰ দৈৰ্ঘ্য আছিল ৩.৭ ছেণ্টিমিটাৰ।

দাঁতটো আছিল ক্ৰ’ৱেছিয়াৰ মিজ’ বদপিজা নামৰ এজন লোকৰ।

Indian dentist reportedly extracts world's longest tooth