NORTHEAST NOW (Assamese)
মেঘালয়

মেঘালয়ত কংগ্ৰেছে এককভাৱে চৰকাৰ গঠন কৰিব : ভিনচেণ্ট এইছ পালা

Posted by: এন ই নাও নিউজ February 15, 2018 12:40 pm
Former Union Minister Vincent Pala

আগন্তুক মেঘালয় বিধানসভা নিৰ্বাচনত শাসকিয় কংগ্ৰেছ দলে এককভাৱে চৰকাৰ গঠন কৰিব বুলি নিশ্চয়তা প্ৰকাশ কৰে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ভিনচেণ্ট এইছ পালায়ে।

শিলঙত সাংবাদিকৰ সৈতে হোৱা এক আলোচনাত তেওঁ কয়, ‘আমি ৬০খন আসনৰ বাবে হ’ব লগীয়া নিৰ্বাচনটোত আটাকেইখন আসনৰ বাবেই নিজা প্ৰাৰ্থী আগবঢ়াইছো। পূৰ্বতে কংগ্ৰেছে একে মতৰ দল সমূহৰ সৈতে মিত্ৰটা কৰিছিল যদিও এইবাৰ দলটোৱে এককভাৱে চৰকাৰ গঠন কৰিব।’

শিলঙৰ পৰা দুবাৰকৈ লোকসভাৰ সাংসদ হোৱা পালায়ে আৰু কয়, ‘এতিয়ালৈকে আমি, চৰকাৰ গঠনৰ ক্ষেত্ৰত আন দলমূহৰ সমৰ্থন লাগিব বুলি ভবা নায়।’

নিৰ্বাচনটোত ৪৭ আসনৰ বাবে প্ৰতিদন্দিতা আগবঢ়োৱা বিজেপিয়ে দলটোৱে প্ৰাৰ্থী থিয় নকৰা বাকি সমষ্টি কেইটাত আঞ্চলিক দলসমূহৰ সৈতে গোপন বুজাবুজি কৰিছে বুলি পালায়ে অভিযোগ কৰে।

আনহাতে মেঘালয়তো মণিপুৰৰ দৰে পৰিস্থিতি ঘটিব পাৰেনেকি বুলি সুধা প্ৰশ্নক অস্বীকাৰ কৰি পালায়ে কয়, ‘মণিপুৰত বিজেপিয়ে ১৪ৰ পৰা ১৬খন আসনত জয় লাভ কৰিছিল, কিন্তু মেঘালয়ত তেওঁলোকে এখন আসনটো জয়লাভ কৰিব নোৱাৰে। সেয়ে মেঘালয়ৰ পৰিস্থিতি সম্পুৰ্ণ বেলেগ হ’ব।’