NORTHEAST NOW (Assamese)
অসম

ব্ৰিটিছ স্বাস্থ্য মন্ত্ৰীৰ গাত কৰ’নাভাইৰাছ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 11, 2020 3:53 pm
Nadine-Dorries-Health minister of the UK tested positive of coronavirus

ব্ৰিটিছ স্বাস্থ্য মন্ত্ৰী, সাংসদ নাদিন ডৰিজৰ গাত কৰ’নাভাইৰাছৰ বীজাণু পোৱা গৈছে।

মঙলবাৰে এক বিবৃতিৰ জৰিয়তে ডৰিজে নিজেই এই কথা সদৰী কৰিছে।

“মই নিশ্চিত কৰিব পাৰো যে মোক কৰ’নাভাইৰাছৰ পৰীক্ষাত ধনাত্মক পোৱা গৈছে,” কনজাৰ্ভেটিভ দলৰ সাংসদগৰাকীয়ে কয়।

তেওঁ লগতে সদৰী কৰে যে তেওঁ নিজকে ঘৰত আচুতীয়াকৈ আবদ্ধ ৰাখিছে।

স্বাস্থ্য বিষয়াসকলে এতিয়া তেওঁৰ গালৈ কেনেকৈ কৰ’নাভাইৰাছ সংক্ৰমিত হ’ল আৰু তেওঁৰ সংস্পৰ্শত কোন কোন লোক আহিছিল সেয়া বিচাৰি আছে।

কৰ’নাভাইৰাছৰ বিৰুদ্ধে যুঁজাৰ বাবে খচৰা আইন প্ৰস্তুতিত সহায় কৰা ডৰিজ এই ভাইৰাছ্ত আক্ৰান্ত হোৱা প্ৰথম ব্ৰিটিছ সাংসদ।

বাতৰি মতে, ডৰিজ প্ৰধান মন্ত্ৰী বৰিছ জনছনে ধৰি কেইবাশও লোকৰ সংস্পৰ্শলৈ আহিছিল।

কৰ’নাভাইৰাছক জাননী জাৰি কৰিব পৰা ৰোগৰূপে ঘোষণা কৰা নথিত চহী কৰাৰ সময়তে শুকুৰবাৰে তেওঁ অসুস্থ অনুভৱ কৰিছিল।

উক্ত নথিৰ ফলত দেশখনৰ কোম্পানিসমূহে এতিয়া ৰোগবিধৰ ক্ষেত্ৰত বীমাৰ সুৰক্ষা গ্ৰহণ কৰিব পাৰিব।

ডৰিজ ক্ৰমাৎ সুস্থতাৰ পথলৈ আগবাঢ়িছে বুলি জানিব পৰা গৈছে।