NORTHEAST NOW (Assamese)
অসম

বৃহৎ ঘোষণা SBIৰ, লাভৱান হ’ব আপোনাৰ লগতে প্ৰায় ৪৫ কোটি গ্ৰাহক

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 11, 2020 6:07 pm
sbi ATM SBI to eliminate Debit Cards

ষ্টেট বেংক অৱ ইণ্ডিয়াই বুধবাৰে কৰিছে এক বৃহৎ ঘোষণা।

বেংকটোৰ গ্ৰাহকসকলে ছেভিংছ একাউণ্টত ৰাখিব লাগিছিল মাহিলী ন্যূনতম এক জমা ৰাশি।

এই গড় জমা নথকা গ্ৰাহকসকলে তাৰ বাবে জৰিমনাও ভৰিব লগা হৈ আহিছিল।

কিন্তু এতিয়াৰে পৰা বেংকটোৰ কোনো ছেভিংছ একাউণ্টতে মাহিলী ন্যূনতম জমাধনৰ সীমা নাথাকিব।

সৰ্ববৃহৎ ভাৰতীয় বেংকটোৰ ৪৪.৫১ কোটি ছেভিংছ একাউণ্টৰ ক্ষেত্ৰতে এই ঘোষণা প্ৰযোজ্য হ’ব।

তাৰোপৰি, বেংকটোৱে এছ এম এছ মাচুলো উঠাই লৈছে।

মেট্ৰ’, ছেমি আৰ্বান আৰু ৰুৰেল শাখাত বেংকটোৰ গ্ৰাহকসকলে ক্ৰমে ন্যূনতম ৩০০০, ২০০০ আৰু ১০০০ টকাকৈ জমাৰাশি ৰখাৰ প্ৰয়োজন আছিল।

বেংকটোৰ বহু গ্ৰাহক এই মাচুলসমূহক লৈ অসন্তুষ্ট আছিল। ফলত এই ঘোষণাই সকলোৰে মুখত হাঁহি বিৰিঙোৱাটো নিশ্চিত।