NORTHEAST NOW (Assamese)
Popular Stories

ক’ৰ’না ভাইৰাছ সংক্ৰমণ ৰোধৰ বাবে চুইগি আৰু জ’মাটুৱে লৈছে বিশেষ ব্যৱস্থা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 12, 2020 10:55 am
zomato

ক’ৰ’না ভাইৰাছ সংক্ৰমণ ৰোধৰ বাবে অনলাইন ফুড ডেলিভাৰী চুইগি আৰু জ’মাটুৱে লৈছে বিশেষ ব্যৱস্থা।

অনলাইন ফুড ডেলিভাৰী প্ৰতিষ্ঠান জ’মাটু আৰু চুইগীয়ে প্ৰতিষ্ঠান দুটাৰ ডেলিভাৰী বয় আৰু ইয়াৰ চালকসকলৰ মাজত মাৰাত্মক ক’ৰ’না ভাইৰাছৰ বীজাণু প্ৰতিৰোধৰ বাবে কিছুমান সতৰ্কতামূলক ব্যৱস্থা লৈছে।

যোৱা বুধবাৰে চুইগীৰ জনাইছে যে ইয়াৰ সক্ৰিয় প্ৰতিৰোধমূলক ব্যৱস্থাৰ অৰ্থে প্ৰতিষ্ঠানটোৰ ডেলিভাৰী বয় আৰু চালকসকলক প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰা হৈছে।

ইফালে জ’মাটুৱে ইয়াৰ কৰ্মচাৰীসকলক ক’ৰ’না ভাইৰাছ প্ৰতিৰোধৰ বাবে বৃত্তিগত প্ৰশিক্ষণ দিয়া হ’ব বুলি জনাইছে।

দুয়োটা প্ৰতিষ্ঠানে ইয়াৰ গ্ৰাহকসকলক নিশ্চিতি প্ৰদান কৰিছে যে ক’ৰ’না ভাইৰাছ সংক্ৰমণৰ প্ৰতিৰোধৰ বাবে প্ৰতিষ্ঠান দুটাই যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব।