NORTHEAST NOW (Assamese)
Popular Stories

কৰ্পৰেটৰ কামৰ বোজাত চাৰ্টাড একাউণ্ট্যাণ্ট তৰুণীৰ মৃত্যু! তদন্তৰ আশ্বাস শ্ৰম মন্ত্ৰালয়ৰ

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী September 19, 2024 4:00 pm
কৰ্পৰেটৰ কামৰ বোজাত চাৰ্টাড একাউণ্ট্যাণ্ট তৰুণীৰ মৃত্যু! তদন্তৰ আশ্বাস শ্ৰম মন্ত্ৰালয়ৰ

পুনেৰ আন্তঃৰাষ্ট্ৰীয় পৰামৰ্শদাতা প্ৰতিষ্ঠান আৰ্নষ্ট এণ্ড ইয়ং (ই ৱাই)ৰ এগৰাকী কৰ্মচাৰীৰ ‘কৰ্মৰ মানসিক চাপ’ৰ বাবে মৃত্যু হয়। নাম আনা চেবাষ্টিয়ান পেৰাইল। অতিমাত্ৰা কামৰ ফলত মৃত্যুৰ গুৰুতৰ অভিযোগ লাভ কৰি সষ্টম হৈ পৰিছে কেন্দ্ৰীয় শ্ৰম মন্ত্ৰালয়। এই অভিযোগৰ সম্পূৰ্ণ তদন্তৰ আশ্বাস দিছে শ্ৰম ৰাজ্য মন্ত্ৰী শোভা কৰণ্ডলাজে।

পুনেত কৰ্মৰত কেৰালাৰ বাসিন্দা আন্না চেবাষ্টিয়ান পেৰেইল। ব্যক্তিগত খণ্ডৰ অতিৰিক্ত কামৰ বোজা চম্ভালিব নোৱাৰাৰ বাবে এই ২৬ বছৰীয়া যুৱতীগৰাকীয়ে এই সিদ্ধান্ত লৈছিল। মাকে এই অভিযোগ উত্থাপন কৰিছে। এই অভিযোগৰ পিছতে সমগ্ৰ দেশতে হুলস্থুলৰ সৃষ্টি হৈছে।

‘কৰ্পৰেট ৱৰ্ক কালচাৰ’ক লৈ ইটোৰ পাছত সিটো প্ৰশ্ন উত্থাপন হৈছে। তাৰ বাবেই কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰীয়ে ছচিয়েল মিডিয়াত অভিযোগৰ সম্পূৰ্ণ তদন্ত ঘোষণা কৰে। শোভা কৰণ্ডলাজে নিজৰ এক্স হেণ্ডেলত পোষ্ট কৰিলে।

ইফালে, মাতৃ অনিতা অগাস্টিনে ই ৱাই ইণ্ডিয়াৰ অধ্যক্ষ ৰাজীৱ মেমনীয়ে লিখা এখন পত্ৰত দাবী কৰিছে যে কৰ্মক্ষেত্ৰত মানসিক চাপৰ ফলত তেওঁৰ কন্যাৰ মৃত্যু হয়। মাত্ৰ ৪ মাহ আগতে যোগদান কৰিছিল আৰু এইটো আছিল তেওঁৰ প্ৰথম কাম।