NORTHEAST NOW (Assamese)
অসম

জালুকবাৰীৰ ৰেহাব চেন্টাৰত মৃত অৱস্থাত উদ্ধাৰ যুৱক

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 2, 2023 3:53 pm
জালুকবাৰীৰ ৰেহাব চেন্টাৰত মৃত অৱস্থাত উদ্ধাৰ যুৱক

গুৱাহাটী মহানগৰীত সংঘটিত হৈছে আন এক চাঞ্চল্যকৰ ঘটনা।  সোমবাৰে পুৱা জালুকবাৰীৰ এটা ৰেহাব চেন্টাৰত ওলমি থকা অৱস্থাত উদ্ধাৰ হয় এজন যুৱকৰ মৃতদেহ।

জালুকবাৰীৰ শদিলাপুৰস্থিত ‘লাভিং হেণ্ডছ ৱেলনেছ ছ’চাইটি’ নামৰ এটা ডি-ডিকচন চেণ্টাৰত এই ঘটনা সংঘটিত হৈছে।

সূত্ৰৰ পৰা পোৱা প্ৰাৰম্ভিক তথ্য অনুসৰি যুৱকজনক তিনিদিন পূৰ্বে ড্ৰাগছ আসক্তিৰ চিকিৎসাৰ বাবে পুনৰ্বাসন কেন্দ্ৰত ভৰ্তি কৰা হৈছিল।

নিহত যুৱকজনৰ নাম ৰাহুল আলী।

ইতিমধ্যে জালুকবাৰী আৰক্ষীয়ে যুৱকজনৰ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।

ঘটনাৰ তদন্ত অব্যাহত আছে।