NORTHEAST NOW (Assamese)
অসম

Helicopter crash Update হেলিকপ্তাৰ দুৰ্ঘটনাত নিহতৰ সংখ্যা ১৩ জনলৈ বৃদ্ধি, ৰাৱাটৰ পত্নীও নিহত

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী December 8, 2021 5:35 pm

তামিলনাডুত আজি সংঘটিত হেলিকপ্তাৰ দুৰ্ঘটনাত নিহতৰ সংখ্যা ১৩ জনলৈ বৃদ্ধি পাইছে।

দুৰ্ঘটনাটোত বিপিন ৰাৱাটৰ পত্নী মধুলিকা ৰাৱাটৰো মৃত্যু ঘটাৰ কথা নিশ্চিত কৰা হৈছে।

ৰাৱাট সন্দৰ্ভত কাইলৈহে কেন্দ্ৰীয় প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিঙে সংসদত বিবৃতি প্ৰদান কৰিব। হেলিকপ্তাৰ খনৰ পাইলট আছিল পৃথ্বি সিং। তেওঁৰো মৃত্যু ঘটা বুলি জানিব পৰা গৈছে।

ইপিনে আজি সন্ধিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত প্ৰতিৰক্ষা বাহিনীৰ চি চি এছৰ এখন জৰুৰী বৈঠক অনুষ্ঠিত হ’ব।

প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিঙে নতুন দিল্লীত থকা বিপিন ৰাৱাটৰ ঘৰলৈ গৈ ৰাৱাটৰ দুই কন্যাক সাক্ষাৎ কৰিছে।

ইপিনে এই দুৰ্ঘটনাৰ পিছতে তামিলনাডু বিধানসভাত জৰুৰী বৈঠক অনুষ্ঠিত কৰা হৈছে। বায়ু সেনাৰ প্ৰধানে দুৰ্ঘটনাস্থলীলৈ যাত্ৰা আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে।

উল্লেখ্য আজি এক ভয়ংকৰ দুৰ্ঘটনাত পতিত হয় ভাৰতীয় প্ৰতিৰক্ষা বাহিনীৰ মুৰব্বী বিপিন ৰাৱাট উঠি যোৱা হেলিকপ্তাৰ।

আজি দিনৰ ভাগত বিপিন ৰাৱাটে তেওঁৰ পৰিয়ালৰ সদস্যৰ লগতে আন কেইবাজনো লোকৰ সৈতে হেলিকপ্তাৰ খনৰে যাত্ৰা কৰি থকাৰ সময়তে তামিলনাডুৰ কুনুৰত হেলিকপ্তাৰ খন দুৰ্ঘটনাত পতিত হয়।

এই ঘটনাত ১৩জন লোকৰ মৃত্যু ঘটাৰ কথা নিশ্চিত কৰা হৈছে। জানিব পৰা মতে হেলিকপ্তাৰ খনত মুঠ ১৪ গৰাকী লোক আছিল।

উদ্ধাৰ কৰা লোকসকলক নীলগিৰিৰ ৱেলিংটন কেণ্টনমেণ্টৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল।

ভাৰতীয় বাযু সেনা বাহিনীৰ এম আই চিৰিজৰ হেলিকপ্তাৰ খন আজি দিনৰ ১২ বাজি ১০ মিনিটত কোম্বাইটৰ আৰু আৰু ছুলুৰৰ মাজৰ কুনুৰত দুৰ্ঘটনাত পতিত হয় ।

দুৰ্ঘটনাৰ ফলত হেলিকপ্তাৰ খন খণ্ড-বিখণ্ড হৈ পৰাৰ লগতে জুইত জাহ যায়।

দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছতে সমগ্ৰ অঞ্চলটো জুই আৰু ধোঁৱাই আৱৰি ধৰে।