NORTHEAST NOW (Assamese)
অসম

শৰৎ চন্দ্ৰ গোস্বামী আৰু চৈয়দ আব্দুল মালিকক স্মৰণ সাপটগ্ৰাম শাখা সাহিত্য সভাৰ

Posted by: তিলক চন্দ্র প্রসাদ, চাপৰ Updated by: তিলক চন্দ্র প্রসাদ, চাপৰ December 21, 2021 2:54 pm
WhatsApp Image 2021-12-21 at 2.22.36 PM(1)

ধুবুৰী জিলা  সাহিত্য সভাৰ সহযোগত সাপটগ্ৰাম চহৰৰ কাছাৰী দুৰ্গাবাৰী  প্ৰাংগনত সাপটগ্ৰাম শাখা সাহিত্য সভাৰ উদ্যোগত কেন্দ্ৰীয় আকাশ অনুষ্ঠান আৰু অসম সাহিত্য সভাৰ প্ৰতিষ্ঠাপক প্ৰধান সম্পাদক শৰৎ চন্দ্ৰ গোস্বামী আৰু কথা সাহিত্যিক চৈয়দ আব্দুল মালিক স্মৃতি দিৱস সোমবাৰে উদযাপন কৰা হয়।

পুৱা ৮.৩০বজাত সভাৰ পতাকা উত্তোলন কৰে সাপটগ্ৰাম শাখা সাহিত্য সভাৰ সভাপতি নিখিল ৰঞ্জন দাসে। শ্ৰদ্ধাঞ্জলি ,স্মৃতি তৰ্পণ আৰু শৰৎ চন্দ্ৰ গোস্বামী , চৈয়দ আব্দুল মালিকৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ ,বন্তি প্ৰজ্জ্বলন কাৰ্যসূচী ৰূপায়ণ কৰে ক্ৰমে শাখা সভাৰ সম্পাদক দিবাকৰ শৰ্মা ,সাপটগ্ৰাম আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সুভাষ চন্দ্ৰ দলে ,কাৰ্যনিৰ্বাহক সদস্য প্ৰদ্যুত চক্ৰবৰ্তী ,সৰলা বালা কলিতা ,অৱসৰী অধ্যাপিকা পদ্মা গুহ আগৰৱালা , মজিবুৰ ৰহমান আদিয়ে।

পুৱা ১০.৩০ বজাৰ পৰা জিলা সভাৰ পূৰ্ণাঙ্গ কাৰ্য নিৰ্বাহক সভা  আৰু  ১১বজাৰ পৰা ফজিলা খাতুন চৌধুৰী , আক্ৰামুজ্জামান , ঋতুপৰ্ণ শৰ্মা আদিৰ পৰিচালনাত আকাশ ,ৰামধেনু ,কুঁহি অনুষ্ঠান অনুষ্ঠিত কৰা হয় ।

Also Read: Jaya Bachchan loses cool আপোনালোকৰ বেয়া দিন আহি আছে; সংসদত বিজেপিক অভিশাপ জয়া বচ্চনৰ

বিয়লি ২ বজাৰ পৰা ধুবুৰী জিলা সাহিত্য সভাৰ সভাপতি তৰনী কান্ত ৰায়ৰ সভাপতিত্বত মুকলি সভা অনুষ্ঠিত হয়। জিলা সম্পাদক আজাদ আলী আহমেদে আঁতধৰা অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰে অসম সাহিত্য সভাৰ উপসভাপতি মৃণালিনী দেৱীয়ে।

বিশেষ বক্তৃতা অনুষ্ঠানত দিগন্ত বিশ্ব শৰ্মাই “শ্ৰী অৰবিন্দৰ আলোকত কাব্য  ,সাহিত্য আৰু শিল্পকলাৰ অভিব্যঞ্জনা ” শীৰ্ষক বিষয়ত বক্তৃতা প্ৰদান কৰে।

অনুষ্ঠানত নিৰ্দিষ্ট বক্তাৰ ভাষণ প্ৰদান কৰে অসম সাহিত্য সভাৰ পত্ৰিকা সম্পাদক তথা ধুবুৰী ভোলানাথ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ডঃ উপেন্দ্ৰজিত শৰ্মাই ।

Also Read: Encounter কোকৰাঝাৰত গাঞ্জা সৰবৰাহকাৰীলৈ আৰক্ষীৰ গুলী; আহতক হাস্পাতালত ভৰ্তি

ভাষণ প্ৰসংগত ডঃ শৰ্মাই কয় যে আজিৰ পুৰুষে অসম সাহিত্য সভাৰ গঠনৰ বেদনা পাহৰিলে। অসম সাহিত্য সভা গঠনত শৰৎ চন্দ্ৰ গোস্বামীৰ লগতে গোৱালপাৰাৰ প্ৰসন্ন কুমাৰ ঘোষ ,ধৰ্ম নাৰায়ণ ঘোষ আৰু গোৱালপৰীয়া মানুহৰ অৱদান শ্ৰদ্ধাৰে ব্যাখ্যা কৰে।

তেওঁ লগতে অসমৰ সাহিত্য জগতখনৰ লগতে জাতীয় জীৱনলৈ চৈয়দ আব্দুল মালিকে আগবঢ়োৱা মহান অৱদানৰ বিষয়ে ব্যাখ্যা কৰে। অনুষ্ঠানটোৰ শুভ উদ্বোধন কৰে সাপটগ্ৰাম মহাবিদ্যালয়ৰ উপাধ্যক্ষ মহিবুল হকে।

আদৰণী ভাষণ প্ৰদান কৰে শাখা সভাৰ সভাপতি নিখিল ৰঞ্জন দাসে। শলাগ জ্ঞাপন কৰে শাখা সভাৰ পৰা দিবাকৰ শৰ্মা আৰু জিলা সভাৰ পৰা আজাদ আলী আহমেদে।

Also Read:সৰভোগৰ বেঁকী নৈৰ দলঙত যুৱক-যুৱতী অগ্নিদগ্ধ হোৱা ঘটনাৰ ৰহস্য কি? জনালে বৰপেটাৰ আৰক্ষী অধীক্ষকে

অনুষ্ঠানত অসম সাহিত্য সভাৰ দীপক পাটোৱাৰী দীপক চৰকাৰ ,ধীৰেন্দ্ৰ নাথ অধিকাৰী ,জিলা সভাৰ হেৰম্ব কলিতা ,তিলক প্ৰসাদ , সাহাদত আলী ,দীপক দেৱ নাথ ,জুঁই দাস প্ৰমুখ্যে কেইবাগৰাকীও  বিশিষ্ট ব্যক্তি উপস্থিত থাকে।