NORTHEAST NOW (Assamese)
ক্ৰীড়া

কৰ’ণাত আক্ৰান্ত টেনিছ তাৰকা ৰাফেল নাদাল

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 21, 2021 2:55 pm
Rafael Nadal

কৰ’ণাত আক্ৰান্ত হৈছে বিশ্বৰ অন্যতম শ্ৰেষ্ঠ টেনিছ তাৰকা ৰাফেল নাদাল। আবু ধাবিৰ পৰা স্পেইনলৈ উভতি অহাৰ পিছত শৰীৰত ক’ভিদ-১৯ সংক্ৰমণৰ কথা জনাইছে টেনিছ তাৰকা জনে।

“মই কিছুমান অপ্ৰীতিকৰ মুহূৰ্তৰ মাজেৰে পাৰ হৈ আছোঁ কিন্তু মই বিশ্বাস কৰোঁ যে মই অলপ অলপ উন্নতি কৰিম। মই এতিয়া ঘৰত আৱদ্ধ হৈ আছোঁ আৰু মোৰ সংস্পৰ্শত থকা লোকসকলক অৱগত কৰিছো।”

ভৱিষ্যতৰ প্ৰতিযোগিতাৰ সন্দৰ্ভত অনুৰাগীসকলক যিকোনো সিদ্ধান্তৰ বিষয়ে অৱগত কৰিব বুলি জানিবলৈ দিয়ে নাদালে।

২০ বাৰৰ মেজৰ টুৰ্নামেণ্ট চেম্পিয়ন নাদালে যোৱা ছয় মাহ ধৰি ভৰিৰ আঘাতৰ সৈতে যুঁজি আছে। আঘাতৰ বাবে তেওঁ উইম্বলডন আৰু ইউএছ অপেনত ভাগ লোৱা নাছিল নাদালে।