NORTHEAST NOW (Assamese)
Popular Stories

ক’ৰ’না ভাইৰাছত আক্ৰান্ত হ’ল কানাডাৰ প্ৰধান মন্ত্ৰীৰ পত্নী

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 13, 2020 11:51 am

কানাডাৰ প্ৰধান মন্ত্ৰী জাষ্টিন ট্ৰুড’ৰ পত্নী ক’ৰ’না ভাইৰাছত আক্ৰান্ত হৈছে। বৃহস্পতিবাৰে নিশা ট্ৰুড’ৰ কাৰ্য্যালয়ে জনোৱা মতে প্ৰধান মন্ত্ৰী গৰাকী পত্নী ছফি গ্ৰেগয়াৰ ট্ৰুড’ক আছুতিয়াকৈ ৰাখি চিকিৎসা প্ৰদান কৰি থকা হৈছে।

অৱশ্যে বৰ্তমানলৈকে প্ৰধান মন্ত্ৰী গৰাকীৰ দেহত ক’ৰ’না ভাইৰাছৰ কোনো লক্ষণ ধৰা পৰা নাই আৰু তেওঁ সুস্থ হৈ আছে বুলিও বিবৃতিটোত প্ৰকাশ।

বিবৃতিটোত জনোৱা মতে, ‘প্ৰধান মন্ত্ৰী গৰাকীৰ স্বাস্থ্য সুস্থ হৈ আছে। ডাক্তৰৰ উপদেশ আৰু সাৱধানতা অৱলম্বন কৰি তেওঁক ১৪ দিনৰ বাবে আছুতিয়াকৈ ৰখা হ’ব।‘

আনহাতে কানাডাৰ বিৰোধী দল এন ডি পিৰ নেতা জগমিত সিঙেও অসুস্থ অনুভৱ কৰাত তেওঁ নিজৰ ঘৰৰ পৰাই কামকাজ চলাই আছে। অৱশ্যে সিঙে জনোৱা মতে ডাক্তৰে তেওঁৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ লক্ষণ নাই বুলি জনাইছে।

কানাডাত এতিয়ালৈকে ১৪০ গৰাকী ব্যক্তিৰ দেহত ক’ৰ’না ভাইৰাছ ধৰা পৰিছে আৰু ইয়াৰে এগৰাকী লোকৰ মৃত্যু হৈছে।