NORTHEAST NOW (Assamese)
Popular Stories

অসমত দুই এদিনতে এজন প্ৰভাৱশালী কংগ্ৰেছী নেতাই বিজেপিত যোগ দিব : হিমন্ত বিশ্ব

Posted by: দীপজ্যোতি শৰ্মা Updated by: দীপজ্যোতি শৰ্মা March 13, 2020 10:40 am

জ্যোতিৰাদিত্য সিন্ধিয়াৰ পদাংক অনুসৰণ কৰি অসমতো দুই এদিনতে এজন প্ৰভাবশালী কংগ্ৰেছী নেতাই বিজেপিত যোগ দিয়াৰ ইংগিত দিছে বিজেপিৰ প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। শৰ্মাৰ মতে ২০২১চনত বহুকেইজন কংগ্ৰেছী নেতাই গেৰুৱা দলটোত যোগ দিব।

বৃস্পতিবাৰে এখন সংবাদমেল সম্বোধন কৰি মন্ত্ৰীজনে কয়, ‘অহা দুই এদিনতে কংগ্ৰেছৰ এজন গুৰুত্বপূৰ্ণ বিধায়কে যোগদান কৰিব বিজেপিত বা যোগ দিয়াৰ ইচ্ছা প্ৰকাশ কৰিব।’

তৰুণ গগৈক উদ্দেশ্য কৰি হিমন্ত বিশ্বই কয়, ‘তৰুণ গগৈ ডাঙৰীয়া কিয় চটফটাই আছে বুজিব পৰা নাই। তেওঁৰ দিনতেই নম্বৰ নোহোৱাকৈ আনোৱাৰ টাইনুৰক জিকাইছে। এনেকৈ যদি ৰত্নাকৰ ৰাতিৰ ভিতৰত বাল্মিকী হৈ আপোনালোকক পাঠ পঢ়াই থাকে এইটো কেনেকৈ হ’ব।’

আনহাতে সাংবাদিক অতনু ভূ়ঞাই ৰাজ্যসভাৰ মনোনয়ন পত্ৰ লোৱা সন্দৰ্ভত মন্ত্ৰী শৰ্মাই কয়, ‘অতনু ভূঞাই কাৰ সমৰ্থনত কি কাৰণে গৈছে বা কি ধৰণৰ কথা জড়িত হৈ আছে সেয়া তেওঁ উত্তৰ দিব। মই নাভাবো অতনু ভূ়ঞাই আমাৰ লগত কথা নপতাকৈ কাৰো সমৰ্থন নোহোৱাকৈ কিবা উদ্দেশ্য নোহোৱাকৈ কাগজখন লৈ গৈছে। কিবা নহয় কিবা তেওঁৰো উদ্দেশ্য থাকিব।’