NORTHEAST NOW (Assamese)
অসম

পশ্চিমবংগক পৰাস্ত কৰি ৰঞ্জী ট্ৰফীৰ নতুন চেম্পিয়ন সৌৰাষ্ট্ৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 14, 2020 7:12 am
Saurashtra

ভাৰতীয় ঘৰুৱা ক্ৰিকেটৰ অন্যতম প্ৰতিযোগিতা ৰঞ্জী ট্ৰফী প্ৰথমবাৰৰ দখল কৰিবলৈ সক্ষম হৈছে সৌৰাষ্ট্ৰ ক্ৰিকেট দলে।

পশ্চিমবংগৰ বিৰুদ্ধে অনুষ্ঠিত হোৱা ফাইনেলত প্ৰথম ইনিংছত অগ্ৰগতিৰ ভিত্তিত সৌৰাষ্ট্ৰই ২০২০ বৰ্ষৰ ৰঞ্জী ট্ৰফীত চেম্পিয়ন হয়।

সৌৰাষ্ট্ৰই প্ৰথম ইনিংছত ৪২৫ ৰান কৰাৰ বিপৰীতে পশ্চিমবংগই প্ৰথম ইনিংছত আটাইকেইটা উইকেট হেৰুৱাই ৩৮১ ৰানহে সংগ্ৰহ কৰে।

উল্লেখযোগ্য যে, সৌৰাষ্ট্ৰই বিগত ৰষ্ট্ৰী ট্ৰফীৰ আঠটা ছিজনত চতুৰ্থবাৰৰ বাবে ফাইনেলত উপনীত হৈছে।

বিগত বৰ্ষত সৌৰাষ্ট্ৰই ফাইনেলত বিদৰ্ভৰ হাতত পৰাস্ত হৈ ৰাৰ্ণাছ আপতে সন্তুষ্ট থাকিবলগীয়া হৈছিল।

পশ্চিমবংগৰ বিৰুদ্ধে ফাইনেলত সৌৰাষ্ট্ৰৰ হৈ প্ৰথম ইনিংছত বাচবাদাই ১০৬ ৰান শতকীয় ইনিংছ খেলাৰ লগতে চেতেশ্বৰ পূজাৰাই ৬৬ ৰানৰ বৰঙণি যোগায়।

আনহাতে, পশ্চিমবংগৰ হৈ সুদীপ চেতাৰ্জীয়ে ৮১, ঋদ্ধিমান সাহাই ৬৪ আৰু অনুষ্টুপ মজুমদাৰে৬৩ ৰান সংগ্ৰহ কৰি প্ৰতিৰোধৰ চেষ্টা চলাইছিল যদিও শেষ ৰক্ষা নহ’ল।

ফাইনেলত সৌৰাষ্ট্ৰই ৰবীন্দ্ৰ জাদেজাক নিজৰ দলৰ হৈ খেলাৰ বাবে বিচিচিআইৰ পৰা অনুমতি বিচাৰিছিল যদিও দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ বাবে জাদেজাক বিচিচিআইয়ে সৌৰাষ্ট্ৰৰ হৈ খেলিবলৈ অনুমতি প্ৰদান নকৰিলে।