NORTHEAST NOW (Assamese)
অসম

কৃষ্ণাইত গোৱালপাৰীয়া লোকগীতৰ আলোচনা চক্ৰ সম্পন্ন

Posted by: নীলমণি শৰ্মা Updated by: নীলমণি শৰ্মা March 14, 2020 7:25 am
Goalpara Story

গোৱালপাৰা জিলাৰ অন্যতম বেচৰকাৰী সংস্থা ‘অন দা ষ্ট্ৰীট’ৰ উদ্যোগত আৰু হাব্ৰাঘাট মহাবিদ্যালয়ৰ সহযোগত শুকুৰবাৰে দিনজোৰা কাৰ্যসূচীৰে গোৱালপাৰীয়া লোকগীতৰ এখন আলোচনা চক্ৰ অনুষ্ঠিত হয়।

হাব্ৰাঘাট মহাবিদ্যালয়ৰ সভা গৃহত অনুষ্ঠিত হোৱা আলোচনা চক্ৰখন ৰাতিপুৱা পতাকা উত্তোলনেৰে শুভৰাম্ভ কৰা হয়। পতাকা উত্তোলন কৰে গোৱালপাৰীয়া লোকগীতৰ জনপ্ৰিয় শিল্পী ৰহিমা বেগম কলিতাই।

অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে হাব্ৰাঘাট মহাবিদ্যালয়ৰ প্ৰৱক্তা ভানু প্ৰিয়া তাৰা পাটগিৰীয়ে।

সাংবাদিক চৈয়দ ৰবিউল হকৰ সঞ্চালনাত অনুষ্ঠিত আলোচনা চক্ৰখনি উদ্ধোধন কৰে হাব্ৰাঘাট মহাবিদ্যালয়ৰ অধ্যক্ষ ড: মণ্টু কুমাৰ দাসে।

আলোচনা চক্ৰত  প্ৰবাহমান গতিত ‘গোৱাপাৰীয়া লোক সংস্কৃতিত ঢোল’ আৰু ‘গোৱালপাৰীয়া লোকগীতত হাব্ৰাঘাটীয়া ভাষাৰ অৱস্থান’ শীৰ্ষক বিষয় দুটাৰ ওপৰৰত পাঁচগৰাকী মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰীয়ে নিজৰ নিজৰ গৱেষণা পত্ৰ পাঠ কৰে।

গৱেষক ছাত্ৰীসকল ক্ৰমে ভূমিকা নাথ, অংকনা চক্ৰৱৰ্তী, পৰীস্মিতা কাকতি, ৰেণুকা পাঠক আৰু জুপিতৰা নাথ।

আলোচনা চক্ৰখনিত সমল ব্যক্তিহিচাপে উপস্থিত থাকে বিশিষ্ট লোকসংস্কৃতিৰ গৱেষক দীপক কুমাৰ পাম।