NORTHEAST NOW (Assamese)
অসম

গুৱাহাটীত নিৰুদ্দিষ্ট যুৱক; কোনোবাই অপহৰণ কৰিলে নেকি?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 1, 2019 7:26 am
Tridip-Kumar-Mahanta-Centre.-Image-credit-www.pratidintime.com_-750x375

গুৱাহাটীৰ এজন ৩১ বছৰীয়া যুৱক শনিবাৰৰ পৰা নিৰুদ্দেশ হৈ আছে। নিৰুদ্দিষ্ট যুৱকজন ত্ৰিদীপ কুমাৰ মহন্ত বুলি জানিব পৰা গৈছে।

নিৰুদ্দিষ্ট যুৱকজনৰ পৰিয়ালে গুৱাহাটীৰ ভৰলুমুখ থানাত যুৱকজন নিৰুদ্দেশ হোৱা বুলি এখন এজাহাৰ দাখিল কৰিছে।

যুৱকজনৰ পৰিয়ালে ত্ৰিদীপৰ নিৰুদ্দেশৰ ঘটনাক অপহৰণৰ ঘটনা হ’ব পাৰে বুলি সন্দেহ কৰিছে।

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, গুৱাহাটীৰ বেতকুছিত থকা মনিৰাম দেৱান ট্ৰেড চেন্টাৰ অভিমুখে গৈ থকা অৱস্থাত নিৰুদ্দেশ হৈছে।

আনহাতে, নিৰুদ্দিষ্ট যুৱকজনৰ পৰিয়ালে শুকুৰবাৰে তেওঁক শেষবাৰ দেখা পোৱা বুলি কৈছে যদিও ভৰলুমুখ আৰক্ষীয়ে জানিবলৈ দিয়ে যে নিৰুদ্দিষ্ট যুৱকজনৰ মোবাইল ফোনৰ ট্ৰেক ৰেকৰ্ডৰ পৰা অন্তিম অৱস্থিতি অনুসৰি শনিবাৰে পুৱা প্ৰায় ১০.৩০ বজাত তেওঁ হাতীগাঁৱৰ আশে পাশে আছিল।

‘’শনিবাৰে পুৱা ১০.৩০ বজাৰ পাছত নিৰুদ্দিষ্ট যুৱকজনৰ মোবাইল ফোন চুইটছ অফ হৈ আছে,’’-ভৰলুমুখ থানাৰ এগৰাকী আৰক্ষী বিষয়াই নৰ্থইষ্ট নাওৰ আগত কয়।

নিৰুদ্দিষ্ট যুৱকজনৰ পৰিয়াল মহানগৰীৰ আৰ্য নগৰত বাস কৰে। আৰক্ষী বিষয়া গৰাকীয়ে জানিবলৈ দিয়ে যে ‘’আৰক্ষীৰ অনুসন্ধান চলি আছে।’’