NORTHEAST NOW (Assamese)
অসম

আজিৰে পৰা হ্ৰাস পাব ৰাজসাহায্যবিহীন ৰন্ধন গেছৰ ঘৰুৱা চিলিণ্ডাৰৰ মূল্য

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 1, 2019 6:50 am
16_03_2019-18_gas_sub_19050405-1140x570

আজিৰে পৰা ৰাজসাহায্যবিহীন ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য হ্ৰাস পাব। ইণ্ডিয়ান অইল কৰ্পোৰেশ্যনে ১ জুলাইৰ পৰা কাৰ্যকৰী হোৱাকৈ ৰাজসাহায্যবিহীন এল পি জি চিলিণ্ডাৰৰ দৰ হ্ৰাস কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে।

ইণ্ডিয়ান অইল কৰ্পোৰেশ্যনে নিৰ্দ্ধাৰণ কৰা নতুন দৰ অনুসৰি প্ৰতিটো ৰাজসাহায্যবিহীন ঘৰুৱা এল পি জি চিলিণ্ডাৰত ১০০.৫০ টকাকৈ হ্ৰাস পাব।

আজিৰে পৰা হ্ৰাস পাবলগীয়া ৰাজসাহায্যবিহীন ঘৰুৱা এল পি জি চিলিণ্ডাৰৰ মূল্য গুৱাহাটীত হ’ব প্ৰায় ৬৮১.৫০ টকা।

দিল্লীত প্ৰতিটো ৰাজসাহায্যবিহীন ঘৰুৱা এল পি জি চিলিণ্ডাৰৰ দৰ ৬৩৭ টকা, কলকাতাত ৬৬৩ টকা, মুম্বাইত ৬০৯ টকা আৰু চেন্নাইত নতুন নিৰিখৰত দৰ হ’ব ৬৫২.৫০ টকা।

উল্লেখযোগ্য যে নতুন দৰ নিৰ্দ্ধাৰণৰ পূৰ্বে গুৱাহাটীত প্ৰতিটো ৰাজসাহায্যবিহীন ঘৰুৱা এল পি জি চিলিণ্ডাৰৰ মূল্য আছিল ৭৮২ টকা।

বিগত কেইমাহমানত ঘৰুৱা চিলিণ্ডাৰৰ দৰ ক্ৰমাগতভাৱে বৃদ্ধি পাই অহাৰ পাছত আজিৰে পৰা হ্ৰাস পাবলগীয়া চিলিণ্ডাৰৰ মূল্যই স্বাভাৱিকতেই সাধাৰণ ৰাইজক কিছু সকাহ দিব।