NORTHEAST NOW (Assamese)
Popular Stories

ক’ৰ’না আতংক : ২৯ মাৰ্চলৈকে বন্ধ থাকিব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানকে ধৰি ৰাজ্যৰ সমূহ সংৰক্ষিত বনাঞ্চল

Posted by: উত্তম শইকীয়া Updated by: উত্তম শইকীয়া March 16, 2020 10:09 am
Kaziranga National Park

সমগ্র বিশ্বজুৰি এতিয়া ক’ৰ’নাৰ আতংক। বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙাতো আৰম্ভ হৈছে ক’ৰ’নাৰ ত্ৰাস। বিভিন্ন স্থানৰ পৰা কাজিৰঙালৈ অহা পৰ্যটকৰ পৰা যাতে কাজিৰঙাৰ কৰ্মচাৰী তথা স্থানীয় মানুহলৈ এই বিজাণু সংক্ৰমিত হ’ব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি ৰাষ্ট্ৰীয় উদ্যানখন পৰ্যটকৰ বাবে বন্ধ ঘোষণা কৰা হৈছে।

অসমৰ অতিৰিক্ত প্ৰধান মুখ্য বন সংৰক্ষক তথা চিফ ৱাইল্ড লাইফ ৱাৰ্ডেন এম কে যাদৱে ১৫ মাৰ্চত জাৰি কৰা এক নিৰ্দেশ যোগে ১৭ মাৰ্চৰ পৰা ২৯ মাৰ্চ পৰ্যন্ত ৰাজ্যৰ চিৰিয়াখানা, সংৰক্ষিত বনাঞ্চলৰ লগতে ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ প্ৰকল্প বন্ধ থাকিব।

বন বিভাগে ইতিমধ্যেই তথ্যচিত্ৰৰ দৃশ্যগ্ৰহণ বা গৱেষণাৰ বাবে ১৯৭২ চনৰ বন্যপ্ৰাণী প্ৰতিৰক্ষা আইনৰ ২৮ অনুচ্ছেদৰ আধাৰত প্ৰদান কৰা সকলো অনুমতিও ২৯ মাৰ্চলৈকে স্থগিত ৰখা বুলিও উক্তি নিৰ্দেশত উল্লেখ কৰে।

অৱশ্যে এই নিৰ্দেশৰ পূৰ্বেই বহু পৰ্যটকে ইতিমধ্যে কাজিৰঙা এৰি নিজ দেশলৈ ওভটি গৈছে। বহুতে তথ্যচিত্ৰৰ দৃশ্যগ্ৰহণৰ কাম আধাতে সামৰি ওভতি নিজ দেশলৈ ঘুৰি গৈছে।

উল্লেখযোগ্য ‘কা’ বিৰোধী আন্দোলনক লৈ সৃষ্টি হোৱা অস্থিৰতা আৰু তাৰ পিছত এতিয়া ক’ৰ’না ভাইৰাছৰ আতংকই এই বছৰ কাজিৰঙাৰ পৰ্যটন ক্ষেত্ৰত বাৰুকৈয়ে প্ৰভাৱ পেলাইছে। খালি হৈ পৰিছে কাজিৰঙাৰ সকলোবোৰ পৰ্যটক নিৱাস৷