NORTHEAST NOW (Assamese)
Popular Stories

গৰম দিনত পাঁচ বিধ পানীয় গ্ৰহণ কৰি শৰীৰৰ মেদ কমাওক

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 16, 2020 11:13 am

 

গৰম কালত শৰীৰৰ মেদবহুলতা কমাবলৈ আপুনি পাঁচবিধ পানীয় গ্ৰহণ কৰিব পাৰে।

তিয়ঁহ ৰস

ৰাতি শোৱাৰ পূৰ্বে তিয়ঁহৰ ৰস খাব লাগে, ই বৰ উপকাৰী। তিয়ঁহৰ ৰসে পেটৰ মেদ বাহুল্যতা দূৰ কৰে। ই শীতল আৰু ৪৫ কেলেৰীযুক্ত।

নেমুৰ ৰস

নেমুৰ ৰসেৰে তৈয়াৰী পানীয় গৰম কালত শৰীৰৰ বাবে অতি উপাদেয়। এই ৰসে শৰীৰত জমা হোৱা সকলো ক্ষতিকাৰক দ্ৰব্য নিষ্কাশন কৰাৰ লগতে বিষাক্ত গুণো নাশ কৰে। ই শৰীৰৰ ওজন ঘাটি হোৱাত সহায়ক হয়।

প্ৰতিনিধিত্বমূলক ছবি

এল’বেৰাৰ ৰস

এল’বেৰাৰ জুচে শৰীৰৰ চালক অতি মসৃণ কৰি তোলে আৰু ই শৰীৰৰ ওজন ঘাটি কৰে। ৰাতি শোৱাৰ পূৰ্বে একাপ এল’বেৰাৰ জুচ খালে কমৰ তথা কঁকালৰ আকাৰ সংকোচিত কৰি আনে।

আদাৰ ৰস

আদা হজমী শক্তিৰ বাবে উপাদেয় হোৱাৰ লগতে গেষ্টিকৰ সমস্যাও দূৰ কৰিব পাৰে। দৈনিক আদাৰ ৰস খালে শৰীৰ মেদবহুতা কমাৰ লগতে হজমী শক্তিকো সঠিক কৰি ৰাখে।

মিশ্ৰিত ৰস

তিয়ঁহ, পাৰ্চলি, ধনীয়া, নেমু, আধা আৰু এল’বেৰাৰ ৰস পানীৰ লগত মিহলাই আধা কাপকৈ ৰাতি শোৱাৰ পূৰ্বে খালে পেটৰ মেদ বহুলতা কমে।