NORTHEAST NOW (Assamese)
অসম

টীয়কৰ ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত মহাপুৰুষ মাধৱদেৱৰ জন্মজয়ন্তী উদযাপন

Posted by: নিৰ্মলেন্দু পাঠক Updated by: নিৰ্মলেন্দু পাঠক June 6, 2020 12:01 pm

আজি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ ৫৩৩ সংখ্যক জন্ম জয়ন্তী। মহাপুৰুষ মাধৱদেৱে নিজ হাতে প্ৰতিষ্ঠা কৰা ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰতো লকডাউনৰ মাজতে অনুষ্টুপীয়াকৈ পালন কৰা হয় এই জন্ম জয়ন্তী।

মহামাৰী ৰূপ দাৰণ কৰা ক’ৰ’না ভাইৰাছৰ ভয়াবহতাৰ বাবেই এইবাৰ আগৰ দৰে উলহ মালহেৰে পালন নহ’ল গুৰুজনাৰ জন্ম জয়ন্তী।

মাত্ৰ কেইজনমান ভকতেৰে বৰ নামঘৰৰ মণিকূটৰ চাৰিও দিশে ভাগৱত ভ্ৰমণ কৰি চৰকাৰী নীতি-নিৰ্দেশনাৰ মাজেৰে পালন কৰে জন্ম জয়ন্তী।

লগতে বিশ্ব বাসীৰ সু-স্বাস্থ্য কামনাৰে অক্ষয় বন্তিত তেল আৰু ৰাজহুৱা শৰাই আগবঢ়ায়।

উল্লেখ্য যে আজি ৰাজ্যৰ সকলো প্ৰান্ততে চৰকাৰী নীতি-নিৰ্দেশনা মানি শ্ৰী শ্ৰী মাধৱদেৱৰ ৫৩৩ সংখ্যক জন্ম জয়ন্তী পালন কৰা হয়।