NORTHEAST NOW (Assamese)
অসম

ক’ৰ’না ভাইৰাছ : হোটেল, ল’জ আৰু প্ৰশান্তি সমূহলৈ বিশেষ সতৰ্কতা পৰ্যটন বিভাগৰ

Posted by: দীপজ্যোতি শৰ্মা Updated by: দীপজ্যোতি শৰ্মা March 16, 2020 3:56 pm
0c4ed907-1540-4f99-820e-8ae6cb29ee08

ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধ কৰিবলৈ অসম পৰ্যটন বিভাগৰ অধীনত থকা সকলো হোটেল, ল’জ আৰু প্ৰশান্তি সমূহত লোৱা হৈছে বিশেষ সতৰ্কতা।

টুৰিষ্ট গাইড আৰু হোটেল, ল’জ আৰু প্ৰশান্তি সমূহৰ সঞ্চালক সকলক ক’ৰ’নাৰ প্ৰতি সতৰ্কতা অৱলম্বন কৰিবলৈ এই নির্দেশনা দিয়া হৈছে বুলি জানিবলৈ দিছে অসম পৰ্যটন উন্নয়ন নিগমৰ পৰিচালন সঞ্চালক ভাস্কৰ ফুকনে।

এই সন্দৰ্ভত পৰিচালন সঞ্চালক জনে কয়, “পৰ্যটন বিভাগৰ ফালৰ পৰা ইতিমধ্যে সতৰ্ক হবলৈ দিয়া হৈছে। বিভাগৰ অধীনত থকা হোটেল, ল’জ-প্ৰশান্তি সমূহত ক’ৰ’না সন্দৰ্ভত সজাগতা সভা পতাৰ লগতে দেশী-বিদেশী প্ৰতিজন পৰ্যটকক স্বাস্থ্য পৰীক্ষা কৰাৰ বাবে নিৰ্দেশনা জাৰি কৰা হৈছে”।

উল্লেখ্য যে ইতিমধ্যে ৰাজ্যৰ সকলোবোৰ অভয়াৰণ্য-ৰাষ্ট্ৰীয় উদ্যান দৰ্শনাথীৰ বাবে বন্ধ কৰি দিয়া হৈছে। সেই সন্দৰ্ভত পৰিচালন সঞ্চালক ফুকনে কয়, “বিশ্বত্ৰাস ক’ৰ’নাৰ প্ৰভাৱ দেশৰ লগতে অসমতো পৰিছে। ফলত অসমৰ পৰ্যটন ক্ষেত্ৰত সন্মুখীন হৈছে বৃহৎ লোকচানৰ। যিহেতু পৰ্যটনৰ বাবে এইয়া উপযুক্ত আৰু গুৰুত্বপূৰ্ণ সময় আছিল”।

বৰ্তমান লোকচানৰ পৰিমাণ কিমান হ’ব তাৰ তাৰ সম্পূৰ্ণ পৰিসংখ্যা দিব পৰা হোৱা নাই যদিও অতি কম সময়ৰ ভিতৰত প্ৰকাশ কৰিব পৰা যাব বুলি তেওঁ লগতে কয়।

“ক’ৰ’না আতংকৰ বাবে বৰ্তমান ৰাজ্যৰ পৰ্যটন ক্ষেত্ৰ সমূহত এজনো পৰ্যটক নাই। পৰ্যটন বিভাগৰ ফালৰ পৰা পৰ্যটক স্থলী সমূহত থকা টুৰিষ্ট ইনচাৰ্জ সকলৰ সৈতে যোগাযোগত থকা হৈছে”, তেওঁ লগতে এই কথা জনায়।

উল্লেখ্য যে ৰাজ্য চৰকাৰে ইতিধ্যে অহা ২৯ মার্চলৈকে ৰাজ্যৰ সকলো শিক্ষানুষ্ঠান আৰু ৰাষ্ট্ৰীয় উদ্যান-অভয়াৰণ্য সমূহ বন্ধ ঘোষণা কৰিছে।