NORTHEAST NOW (Assamese)
অসম

সতৰ্কতা অৱলম্বন কৰক, ৫০০০ মানুহ একেলগে কৰ’নাত আক্ৰান্ত হ’লে আমি বিপদত পৰিম : হিমন্ত বিশ্ব শৰ্মা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 16, 2020 3:57 pm
WhatsApp Image 2020-01-25 at 1.33.45 PM

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি জনতা ভৱনত কৰ’না ভাইৰাছ সম্বন্ধে এখন সংবাদ মেল সম্বোধন কৰে।

সংবাদ মেল সম্বোধন কৰি শৰ্মাই জনসাধাৰণক আতংকিত নহ’বলৈ আহ্বান জনায় সকলোকে সজাগ হৈ থাকিবলৈ  কয়।

অসমত বৰ্তমানলৈ এজনো ব্যক্তিৰ শৰীৰত কৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰা নাই বুলিও শৰ্মাই সদৰী কৰে।

স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে বাংগালুৰু, কেৰালা আদি অঞ্চলৰ পৰা ঘৰলৈ উভতি অহা শিক্ষাৰ্থী, কৰ্মী সকলক যিকোনো ধৰণৰ কৰ’না সম্বন্ধীয় লক্ষণ দেখা দিলেই চৰকাৰী চিকিৎসালয়লৈ আহি পৰীক্ষা কৰিবলৈও অনুৰোধ কৰে।

‘‘বহুতে কৰ’না সম্বন্ধীয় পৰীক্ষা সমূহ কৰিবলৈ নিবিচাৰি পলায়ন কৰিব বিচাৰে। এনে কৰিব নালাগে কাৰণ এয়া লুকুৱাই ৰখাৰ সময় নহয়। আপোনাৰ গাত হ’লে পৰিয়ালৰ সকলো লোকলৈ বিয়পিব পাৰে,’’ হিমন্ত বিশ্ব শৰ্মাই লগতে কয়।

তেওঁ লগতে পৰিয়ালৰ বৃদ্ধ লোক সকলক এই ভাইৰাছে সহজে স্বীকাৰ কৰি ল’ব পাৰে বুলি উল্লেখ কৰি যিকোনো সদস্যৰ শৰীৰত লক্ষণে দেখা দিলে শীঘ্ৰেই পৰীক্ষা কৰাৰ বাবে অনুৰোধ কৰে।

‘‘এতিয়াই যদি সতৰ্কতা অৱলম্বন কৰিব নোৱাৰো পিছত একেলগে ৫০০০ মানুহ কৰ’নাত আক্ৰান্ত হ’লে অসমৰ সীমিত স্বাস্থ্য সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি আমি বিপদত পৰিম,’’ শৰ্মাই লগতে কয়।

আনহাতে, হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যত মাস্ক, চেনিটাইজাৰ আদি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি কৰা অসাধু ব্যৱসায়ী সকলৰ বিৰুদ্ধেও ব্যৱস্থা গ্ৰহণ কৰিব বুলি সংবাদমেলত কয়।