NORTHEAST NOW (Assamese)
Popular Stories

ৰাজ্যৰ তৃতীয় পৰ্য্যায়ৰ লকডাউন কেনে হ’ব? ক’লে হিমন্ত বিশ্ব শৰ্মাই

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া May 3, 2020 7:38 pm
94355452_10157511895548983_6137327993321684992_o

ৰাজ্যৰ তৃতীয় পৰ্যায়ৰ ল’কডাউন কেনে হ’ব? তাৰ বিস্তৃত ৰূপ এটা দাঙি ধৰিলে ৰাজ্য স্বাস্থ্য আৰু বিত্ত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই।

আজি খ্ৰীষ্টানবস্তিস্থিত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ কাৰ্যালয়ত সম্বোধন কৰা এক সংবাদমেলত বিতংভাৱে মন্ত্ৰীগৰাকীয়ে এই সম্পৰ্কে বাখ্যা কৰে। তলত সেইসমূহ অ-সম্পাদিত ৰূপত উল্লেখ কৰা হ’ল :-

  • গধূলি ৬ বজাৰ পৰা পুৱা ৬ বজালৈ সৰ্বাত্মক কাৰ্ফিউ হ’ব।
  • ফাৰ্মাচীক বাদ কৰি সকলোধৰণৰ দোকান বন্ধ থাকিব।
  • জৰুৰীকালীন সেৱা, সংবাদ সেৱা আৰু চৰকাৰী কৰ্মচাৰীৰ ক্ষেত্ৰত ৰেহাই দিয়া হৈছে।
  • কাৰ্ফিউ ভংগকাৰীৰ বিৰুদ্ধে আৰক্ষীয়ে ল’ব বিহিত ব্যৱস্থা।
  • কাইলৈৰ পৰা ব্যক্তিগত চিকিৎসালয়, বহিঃ বিভাগ, মানৱ স্বাস্থ্য, পশু-পক্ষী স্বাস্থ্য সেৱা মুকলি হ’ব। গধূলি ৫ বজালৈকে এই ব্যক্তিগত সেৱাসমূহ খোলা থাকিব।
  • গাঁও বা চহৰ অঞ্চলৰ অকলশৰীয়াকৈ থকা দোকান-পোহাৰ সম্পূৰ্ণকৈ কাইলৈৰ পৰা খুলিব পাৰিব।
  • একেলেথাৰিয়ে থকা দোকানসমূহ এক তৃতীয়াংশ খোলা থাকিব। একেশাৰীত থকা দুখন দোকান বন্ধ থাকিব বন্ধ থকা দুখন দোকানৰ কাষৰ দোকান দুখন বন্ধ থাকিব। কাইলৈৰ পৰাই খুলিব পাৰিব। বজাৰৰ সন্থা আৰু দোকানী সন্থাই জিলা উপায়ুক্তৰ সৈতে সভা অনুষ্ঠিত কৰি এই সিদ্ধান্ত ল’ব। আগতে আলোচনা কৰি তাৰ পাছতহে দোকান খুলিব পাৰিব। ৰাতিপুৱা দোকান খোলাসকলে ৫ বজাৰ লগে লগে দোকান বন্ধ কৰিব লাগিব। বেলেগ বেলেগ সামগ্ৰী পোৱা দোকান হ’লে একেলেথাৰিৰে থকা প্ৰত্যেকখন দোকান খুলিব পাৰিব। একেশাৰীতে অত্যাৱশ্যকীয় সামগ্ৰী, হাৰ্ডৱেৰ বা ফাৰ্মাচী থাকিলে আটাইকেইখন একেলগে খুলিব পাৰিব। এইবিলাক দোকানৰ ক্ষেত্ৰত এক তৃতীয়াংশ নিয়ম প্ৰযোজ্য নহ’ব।
  • সকলো কিতাপৰ বিপণি খুলিব পাৰিব।
  • বজাৰ আৰু শ্বপিং মল বন্ধ থাকিব।
  • অট’ৰিস্কা, টেক্সি চালকে(অলা-ওবেৰ) কাইলৈৰ পৰা নিজৰ কাম-কাজ আৰম্ভ কৰিব পাৰিব। কিন্তু এজন ড্ৰাইভাৰ আৰু দুগৰাকী যাত্ৰীহে কঢ়িয়াব পাৰিব। দুগৰাকীতকৈ অধিক যাত্ৰী কঢ়িয়ালে আৰক্ষীয়ে ব্যৱস্থা ল’ব।
  • বাইক-স্কুটাৰ চলালেও পাছফালে কাকো বহাব নোৱাৰিব। অৱশ্যে মহিলা আৰু ১২ বছৰৰ তলৰ ল’ৰা বহিব পাৰিব।
  • গুৱাহাটীকে ধৰি অন্যান্য নগৰ চহৰত নিৰ্মাণ কাৰ্য আৰম্ভ হ’ব। ৫০ শতাংশ শ্ৰমিক নাইবা মিস্ত্ৰীৰে সৈতে নিৰ্মাণ কাৰ্য আৰম্ভ কৰিব পাৰিব।
  • আন্তঃ জিলা আৰু জিলাৰ ভিতৰত চলাচল কৰা বাছসেৱা সমূহ কাইলৈৰ পৰা আৰম্ভ হ’ব। বাছত কেৱল ৫০ শতাংশ যাত্ৰীহে নিব পাৰিব। ব্যক্তিগত বাছ চলিলেও অসম পৰিবহন নিগমৰ অধীনতহে চলিব। ব্যক্তিগত বাছৰ মালিকে অসম পৰিবহন নিগমৰ পৰা চলাচলৰ অনুমতি ল’ব লাগিব যাতে অসম পৰিবহন নিগমৰ নিৰীক্ষণত ব্যক্তিগত বাছসমূহ থাকে।
  • ৰেড আৰু অৰেঞ্জ জ’নত গাড়ীসমূহ নচলিব। ৰেড বা অৰেঞ্জ জ’নৰ মাজৰে ৰাষ্ট্ৰীয় ঘাইপথৰে বাছসমূহ যাব পাৰিব কিন্তু ৰখাব নোৱাৰিব। ৰেড আৰু অৰেঞ্জ জ’নত কোনোধৰণৰ ষ্টপেজ নাথাকিব।
  • সকলোধৰণৰ চৰকাৰী আৰু ব্যক্তিগত কাৰ্যালয়ত ৫০ শতাংশ কৰ্মচাৰীৰে কাইলৈৰ পৰা কাম আৰম্ভ হ’ব।
  • চাহৰ দোকান-আইচক্ৰীমৰ দোকান আৰু ৰেষ্টুৰেন্ট খুলিব কিন্তু তাত বহি খাব নোৱাৰিব কেৱল ক্ৰয় কৰিবহে পাৰিব।
  • চেলুন, নাপিতৰ দোকান আৰু বিউটি পাৰ্লাৰ বন্ধ থাকিব। ঘৰত গৈ নাপিতে চুলি কাটিব পাৰিব।
  •  জিম হাউছ আৰু চুইমিঙ পুল বন্ধ থাকিব।
  • কোনোধৰণৰ জন্তু যেনে গৰু গাহৰি, ছাগলী ইত্যাদি লৈ অসমত গাড়ী সোমাব নোৱাৰিব। কিন্তু অসমৰ পৰা উত্তৰ-পূৱৰ অন্য ৰাজ্যলৈ যাব পাৰিব। গাহৰি বেমাৰৰ প্ৰতি লক্ষ্য ৰাখি এই নিৰ্দেশ দিছে চৰকাৰে।
  • ফ্লিপকাৰ্ট, এমাজ’ন ইত্যাদিকে ধৰি সকলোধৰণৰ ই-কমাৰ্ছ মুকলি হ’ব।
  • উপৰোক্ত অনুমতি লাভ কৰাসমূহ ৰেড আৰু অৰেঞ্জ জ’নৰ বাবে নহয়।
  • বঙাইগাঁও জিলাক অৰেণ্ড জ’ন হিচাপে ঘোষণা কৰা হৈছে।
  • সকলোৱে মাস্ক পৰিধান কৰাটো আৰু সামাজিক ব্যৱধান মানি চলাটো বাধ্যতামূলক।
  • যিকোনো মূল্যৰ বিনিময়ত ৬৫ বছৰৰ উৰ্দ্ধৰ ব্যক্তি আৰু ১২ বছৰৰ তলৰ শিশু ঘৰৰ পৰা বাহিৰলৈ ওলাই আহিব নোৱাৰিব। ৫ বছৰৰ তলৰ সন্তান থকা মাতৃ চৰকাৰী বা ব্যক্তিগত কাৰ্যালয়ৰ লগতে ঘৰৰ বাহিৰলৈ আহিব নোৱাৰিব।
  • মাছৰ বজাৰ বন্ধ থাকিব কিন্তু অকলশৰে বিক্ৰী কৰাজনৰ পৰা ক্ৰয় কৰিব পাৰিব। সাপ্তাহিক বজাৰো বন্ধ থাকিব।
  • সকলোধৰণৰ ৰাজহুৱা সভা, ধৰ্মীয় অনুষ্ঠান, প্ৰতিষ্ঠান, ৰাজনৈতিক সভা, জন-সমাবেশ আৰু স্কুল-কলেজ বন্ধ থাকিব

ৰেড আৰু অৰেঞ্জ জ’নত উপৰোক্ত নিয়মসমূহ পৰ্যোজ্য নহ’ব। উক্ত এলেকাসমূহত সকলোবোৰ বন্ধ থাকিব।