NORTHEAST NOW (Assamese)
অসম

পশু পালন বিভাগৰ আজৱ কাণ্ড; ছোৱাইন ফিভাৰৰ ভেকচিন নিদি গাহৰিৰ দেহত দিলে ফিটা পেলুৰ ভেকচিন

Posted by: পাৰ্শ্বজ্যোতি গগৈ Updated by: পাৰ্শ্বজ্যোতি গগৈ May 3, 2020 8:08 pm
20200503_164737

ৰাজ্যত গাহৰিৰ দেহত মৰাত্মক শ্বোৱাই ফিভাৰ মহামাৰীৰ বাবে হাজাৰৰো অধিক গাহৰিৰ মৃত্যু হোৱাৰ সময়তেই শিৱসাগৰ জিলাৰ আমগুৰি বৰাহীবাৰী ৰাজ্যিক পশু চিকিৎসা বিভাগে সংঘটিত কৰিছে অজৱ কাণ্ড।

ছোৱাইন ফিভাৰৰ ভেকচিনৰ সলনি ফিটা পেলুৰ ভেকচিন দিলে গাহৰিক। যাৰ বাবে এতিয়া অসুস্থ হৈ পৰিছে অদ্ধ শতাধিক গাহৰি।

অঞ্চলটোৰ ১১০০ গাহৰিৰ দেহত প্ৰদান কৰিলে ফিটা পেলুৰ ভেকচিন।

বৰাহীবাৰী ৰাজ্যিক পশু চিকিৎসালয়ৰ চিকিৎসক ডাঃ ইন্দু বৰাৰ নিৰ্দেশত চকীদাৰ আৰু এজন কৰ্মচাৰীয়ে এই ভেকচিন প্ৰদান কৰাৰ অভিযোগ।

স্থানীয়  গাহৰি পালকৰ মতে ফিটা পেলুৰ বেজী দিয়াৰ পাছতে গাহৰিসমুহ অসুস্থ হৈ পৰিছে আৰু দানা খাবলৈ এৰি দিছে গাহৰিয়ে। ইয়াৰোপৰি বেজী দিয়াৰ অংশত বৃহৎ ঘা সৃষ্টি হৈ সেই অংশত পোক দিবলৈ আৰম্ভ কৰিছে। যাৰ বাবে এতিয়া চিন্তিত হৈ পৰিছে স্থানীয় গাহৰি পালকসকল।

ইপিনে  পশু চিকিৎসা বিভাগৰ অদূৰদৰ্শীতাৰ বাবে এই দৰে গাহৰিসমুহ অসুস্থ হোৱাৰ ঘটনাৰ তীব্ৰ  প্ৰতিক্ৰিয়াৰ প্ৰকাশ কৰিছে ছাত্ৰ মুক্তি সমগ্ৰাম সমিতিয়ে।

ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ  কেন্দ্ৰীয় সাংগঠনিক সম্পাদক ৰিতুমণি হাজৰিকাই ঘটনাৰ তদন্ত বিচৰাৰ লগতে গাহৰি পালকসকলক উপযুক্ত ক্ষতিপূৰণ দাবী জনায়।