NORTHEAST NOW (Assamese)
Popular Stories

সাৱধান; এইজোপা উদ্ভিদ স্পৰ্শ কৰিলে ১৫ মিনিটৰ ভিতৰত ঘটিব মৃত্যু!!

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 16, 2020 4:39 pm
Tree

কোনেনো নিজৰ ঘৰটো সজাব নিবিচাৰে কিন্তু বৰ্তমান সময়ত আমি বহুক্ষেত্ৰত সতৰ্কতা অৱলম্বন কৰিবলগীয়া হৈছে।

বহু সময়ত আমি ঘৰলৈ এনে কিছুমান উদ্ভিদ লৈ আহো যাৰ বিষয়ে আমি একো নাজানো।

এই উদ্ভিদবোৰে ঘৰৰ আভ্যন্তৰৰৰ সৌন্দৰ্য্য বৃদ্ধিত সহায় কৰে সঁচা কিন্তু কিছুমান উদ্ভিদ মানুহৰ জীৱনৰ বাবে অতি বিপদজনক।

এইবিধ উদ্ভিদে মৃত্যু মাতিব পাৰে:

মানুহৰ জীৱনলৈ মৃত্যু মাতিব পৰা এই উদ্ভিদ বিধৰ নাম হ’ল দাম্ব কেন অথবা ডাইফেনবাচিয়া।

বিজ্ঞানী সকলে এই উদ্ভিদজোপাক বিষাক্ত উদ্ভিদ হিচাপে চিনাক্ত কৰিছে। কিবা কাৰণত এই উদ্ভিদজোপাই শৰীৰ স্পৰ্শ কৰিলে বিপদ মাতিব পাৰে।

এই উদ্ভিদজোপাৰ বিষ ইমানেই শক্তিশালী যে শিশুসকলৰ ঘটনাস্থলীতে মৃত্যু হোৱাৰ লগতে প্ৰাপ্তবয়স্ক লোকসকলৰো ১৫ মিনিটৰ ভিতৰত মৃত্যু হ’ব পাৰে।

আনহাতে, যদি কোনোবাই হাতেৰে উদ্ভিদজোপা স্পৰ্শ কৰাৰ পাছত একেখন হাতেৰে নিজৰ চকু স্পৰ্শ কৰে তেনেহ’ল চকুৰ দৃষ্টি শক্তি চিৰদিনৰ বাবে নহোৱা হৈ যাব পাৰে।