NORTHEAST NOW (Assamese)
Popular Stories

বিটিচি নিৰ্বাচন : বিজেপিয়ে ঘোষণা কৰিলে প্ৰথমখন প্ৰাৰ্থীৰ তালিকা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 17, 2020 9:57 am
BJP declares 2nd list of candidates for BTC elections

অহা ৪ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া বিটিচিৰ চতুৰ্থ সংখ্যক সাধাৰণ নিৰ্বাচনৰ বাবে ভাৰতীয় জনতা পাৰ্টী চমুকৈ বিজেপিয়ে সোমবাৰে নিশা প্ৰথমখন ২১ জনীয়া প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰে।

প্ৰাৰ্থীৰ তালিকাখন

১. গুমা সমষ্টি – নিলেশ্বৰ ৰয়

২. ফকিৰাগ্ৰাম সমষ্টি – অৰূপ কুমাৰ দে

৩. চবাইঝাৰ সমষ্টি- লক্ষ্মীনাথ বসুমতাৰী

৪. মানস চেৰফাং সমষ্টি- শৱনাথ ব্ৰহ্ম

৫. থুৰিবাৰী সমষ্টি- অভিৰাম মহানায়ক

৬. মাথাংগুৰী সমষ্টি- গৌতম দাস

৭. দিহিৰা সমষ্টি- কন্সটেণ্ট তিৰ্কি

৮. বাগানপাৰা সমষ্টি- আৰতি বৰদলৈ

৯. দৰংগাজুলি সমষ্টি-দেবেন বড়ো

১০. নাগ্ৰীজুলি সমষ্টি- ধৰ্ম নাৰায়ণ দাস

১১. গৈবাৰী সমষ্টি- হেমন্ত ৰাভা

১২. শুক্লাই চেৰফাং সমষ্টি- ৰনেন নাৰ্জাৰী

১৩. গোৰেশ্বৰ সমষ্টি- গজেন্দ্ৰ বড়ো

১৪. খৈৰাবাৰী সমষ্টি- ভবেন্দ্ৰ বড়ো

১৫. ভেৰগাঁও সমষ্টি- ফটিক কছাৰী

১৬. ননৈ চেৰফাং সমষ্টি- সঞ্জিত তাঁতি

১৭. মুদৈবাৰী সমষ্টি- দিগন্ত বৰুৱা

১৮. হৰিশিঙা সমষ্টি- ৰিনয় বড়ো

১৯. ভৈৰৱকুণ্ড সমষ্টি- বিৰদিঅ’ বসুমতাৰী

২০. পাঁচনৈ চোৰফাং সমষ্টি- দীপক মৌৰ

২১. ৰৌতা সমষ্টি- কষ্টৰাম বাগলাৰী

উল্লেখ্য যে বিটিচি নিৰ্বাচনত বিপিএফৰ লগত মিত্ৰতা কৰাৰ বিপৰীতে ৰাজ্যৰ শাসনভাৰ দখল কৰি থকা বিজেপিয়ে এককভাৱে নিৰ্বাচনত অৱতীৰ্ণ হোৱা বিষয়টোৱে ৰাজনৈতিক মহলত বিশেষভাৱে চৰ্চিত হৈছে।

কিছুদিন পূৰ্বে ৰাজ্য চৰকাৰৰ মন্ত্ৰী ভৱেশ কলিতাই বিটিচিৰ পৰিষদীয় নিৰ্বাচনত বিজেপিয়ে অকলে ২০ খনতকৈ অধিক আসন লাভ কৰি পৰিষদ গঠন কৰিব বুলি মন্তব্য কৰিছিল।