NORTHEAST NOW (Assamese)
Popular Stories

সুধাকণ্ঠৰ হৈ ৮ আগষ্টত ‘ভাৰত ৰত্ন’ গ্ৰহণ কৰিব তেজ হাজৰিকাই

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 29, 2019 10:13 pm
bhupen-hazarika

অহা ৮ আগষ্টত বিশ্ববিশ্ৰুত শিল্পী সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাক মৰণোত্তৰ ভাবে দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন প্ৰদান কৰা হ’ব।

ভূপেন হাজৰিকাৰ উপৰি প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জী আৰু বিখ্যাত সমাজকৰ্মী প্ৰয়াত নানাজী দেশমুখক এই সন্মান প্ৰদান কৰা হ’ব।

দেওবাৰে ৰাষ্ট্ৰপতি ভৱনৰ পৰা প্ৰকাশিত এক বিজ্ঞপ্তিত এই কথা প্ৰকাশ।

জানিব পৰা মতে সুধাকণ্ঠৰ হৈ বঁটা গ্ৰহণৰ বাবে ৬ আগষ্টত আমেৰিকাৰ পৰা আহি নতুন দিল্লী পাবহি তেজ হাজৰিকা। তেওঁৰ সৈতে পত্নী, পুত্ৰও বঁটা গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব।

উল্লেখযোগ্য যে প্ৰথম অৱস্থাত ভূপেন হাজৰিকাৰ পুত্ৰ তেজ হাজৰিকাই পিতৃলৈ আগবঢ়োৱা ভাৰত ৰত্ন বঁটা গ্ৰহণ কৰিবলৈ অগ্ৰাহ্য কৰিছিল যদিও পিছত বঁটা গ্ৰহণ কৰাটো তেওঁৰ বাবে ‘বিৰাট সন্মান’ বুলি মন্তব্য কৰিছিল।

কেন্দ্ৰৰ বিজেপি চৰকাৰে অনা বিতৰ্কিত তথা জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ব্যাপক প্ৰতিবাদ চলি থকাৰ মাজতে ড০ ভূপেন হাজৰিকালৈ মৰণোত্তৰভাৱে দেশৰ সৰ্বোচ্চ অসামৰিক বঁটা ভাৰতৰত্ন আগ বঢ়োৱাৰ কথা ঘোষণা হৈছিল।