NORTHEAST NOW (Assamese)
অৰুণাচল

ম্যানমাৰৰ পৰা অহা তিনি আলফা (স্বাধীন) কেডাৰক অৰুণাচলৰ খুনচাত আটক

Posted by: মানস প্ৰতিম গগৈ Updated by: মানস প্ৰতিম গগৈ August 28, 2020 6:13 pm
Three ULFA (I) cadres held in Arunachal Pradesh’s Khunsa

অসমৰ চুবুৰীয়া ৰাজ্য অৰুণাচলৰ প্ৰদেশৰ খুনচাত ৩জনকৈ দুৰ্ধৰ্ষ আলফা কেডাৰ আটক হোৱাৰ বাতৰি পোৱা গৈছে।

প্ৰাপ্ত তথ্য অনুসৰি ম্যানমাৰৰ পৰা প্ৰশিক্ষণ লৈ উভতি অহাৰ সময়ত আজি পুৱা আছাম ৰাইফলছৰ জালত পৰে ৩জনকৈ আলফা কেডাৰ।

অৰুণাচল প্ৰদেশৰ খুনচা আৰক্ষী থানাৰ অন্তৰ্গত নংল অঞ্চলৰ পৰা ৬নং আছাম ৰাইফলছৰ এটা বৃহৎ দলে গোপন সূত্ৰৰ পম খেদি আলফা কেডাৰ কেইজনক আটক কৰিছে।

আটকাধীন কেডাৰ কেইজনৰ নাম ক্ৰমে হিৰনীয়া মৰান ওৰফে গদা অসম (২৮), সঞ্জয় বৰা ওৰফে কবিৰ অসম (২৭), নয়ন গগৈ ওৰফে ৰঞ্জন অসম (২৫) বুলি জানিব পৰা গৈছে।

ম্যানমাৰৰ পৰা প্ৰশিক্ষণ লৈ তেওঁলোক কুটাঘাটৰ পৰিকল্পনাৰে আহিছিল বুলি ৰাইফলছৰ সূত্ৰে প্ৰকাশ কৰিছে।

আটকাধীন স্বয়ম্ভূ চাৰ্জেণ্ট মেজৰ গদা অসম ওৰফে হিৰন্ময় মৰাণৰ ঘৰ টঙনাৰ হাতীগড়ত।

স্বয়ম্ভূ চাৰ্জেণ্ট কবিৰ অসম ওৰফে সঞ্জয় বৰাৰ ঘৰ তিনিচুকীয়া জিলাৰ কাকপথাৰ আৰু ৰঞ্জন অসম ওৰফে নয়ন গগৈৰ ঘৰ সোণাৰিৰৰ সাপেখাতিত।

তিনিজনৰ পৰা তিনিটা পইণ্ট ৩২ পিষ্টল আৰু তিনিটা মেগজিন জব্দ কৰা হৈছে।

তিনিওজনকে বৰ্তমান সোধপোচ অব্যাহত ৰখা হৈছে।

বৰ্তমান আটকাধীন আলফা কেডাৰ কেইজনক আছাম ৰাইফলছে নিজৰ জিম্মাত ৰাখিছে।