NORTHEAST NOW (Assamese)
আন্ত: ৰাষ্ট্ৰীয়

পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীক ৮টা গোচৰত জামিন মঞ্জুৰ আদালতৰ : কেতিয়া জেলৰ পৰা ওলাব ইমৰান খান?

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 22, 2025 6:43 pm

পাকিস্তানৰ উচ্চতম ন্যায়ালয়ে পাকিস্তান তেহৰিক-ই-ইনছাফৰ প্ৰতিষ্ঠাপক তথা প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানক ৮টা গোচৰত জামিন প্ৰদান কৰিছে।

এই আঠটা গোচৰত জামিন পোৱাৰ পিছতো ইমৰাণ খান জেলৰ পৰা মুকলি হব নোৱাৰিব, কাৰণ ইতিমধ্যে আল কাদিৰ ট্ৰাষ্টৰ গোচৰত তেওঁক চৈধ্য বছৰৰ কাৰাদণ্ড বিহা হৈছে।

মুখ্য ন্যায়াধীশগৰাকীয়ে কয় যে আদালতে এই গোচৰৰ শুনানি গ্ৰহণ নকৰে আৰু কেৱল জামিন বিষয়টোহে বিবেচনা কৰিব।

আদালতে ইমৰাণ খানৰ অধিবক্তা ছলমান চফদাৰক যুক্তি দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে। যুক্তি দাঙি ধৰাৰ সময়ত তেওঁ কয় যে এই আঠটা গোচৰৰ ভিতৰত ৫টা গোচৰত ইমৰাণ খানৰ নাম নাই।

ইমৰাণ খানৰ অধিবক্তাই কয় যে অভিযুক্তৰ জামিনৰ অধিকাৰ আছে আৰু তেওঁৰ মক্কেলক দুবছৰৰ বাবে এই অধিকাৰৰ পৰা বঞ্চিত কৰা হৈছিল।সকলো যুক্তি শুনানিৰ পাছত আদালতে ৮টা গোচৰত ইমৰাণ খানৰ জামিন আৱেদন মানি লয়।