NORTHEAST NOW (Assamese)
অসম

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড়ৰ আক্ৰমণত বনকৰ্মীৰ মৃত্যু

Posted by: উত্তম শইকীয়া Updated by: উত্তম শইকীয়া March 17, 2020 6:41 pm
গড়

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আজি ৰাতিপুৱা এক শোকাৱহ দুৰ্ঘটনা সংঘটিত হয়। আজি ৰাতিপুৱা কাজিৰঙা বনাঞ্চলৰ ভিতৰত গঁড়ৰ আক্ৰমণত এজন বন কৰ্মী নিহত হয়।

ৰাষ্ট্ৰীয় উদ্যানখনৰ কঁহৰা বনাঞ্চলৰ মোনা টঙি বন শিৱিৰৰ বৃকোদৰ বৰা নামৰ বন কৰ্মীজনে ৰাতিপুৱা লগৰ তিনিজনৰ বনকৰ্মীৰ লগত এজাৰ কাঠনি বনাঞ্চলত পহৰা দিবৰ বাবে যাওঁতে এহাল গঁড়ে  অতৰ্কিতে আক্ৰমণ কৰে।

গঁড়ৰ আক্ৰমণৰ পৰা বাকী দুজন বনকৰ্মী পলায় সাৰিবলৈ সক্ষম হয় যদিও বৃকোদৰ বৰা নামৰ বনকৰ্মী গৰাকীক গঁড়ে আক্ৰমণ কৰে।

গঁড়ৰ আক্ৰমণত বৃকোদৰ বৰাৰ থিতাতেই মৃত্যু হয়।

নিহত বনকৰ্মীজনৰ ঘৰ কহঁৰাৰ বগৰীজুৰি অঞ্চলত বুলি জানিব পৰা গৈছে।

চাকৰি জীৱনৰ পৰা অৱসৰৰ বাবে মাজত মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত বৃকোদৰ বৰাৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে।

সম্প্ৰতি ঘটনাস্থলীৰ পৰা মৃতদেহ সংগ্ৰহৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে বনবিভাগে।