NORTHEAST NOW (Assamese)
Popular Stories

পাকিস্তানত ক’ৰ’না বিয়পাই গ’ল এগৰাকী ইংৰাজ ক্ৰিকেটাৰে! : ৰাজাৰ দাবী

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 18, 2020 12:33 pm
freepressjournal_2019-10_385fcecf-5de8-4609-849e-3c8d738abdf7_Rameez_Raja

পাকিস্তানৰ প্ৰাক্তন টেষ্ট অধিনায়ক তথা ধাৰাভাষ্যকাৰ ৰামিজ ৰাজাই ইংলেণ্ডৰ ক্ৰিকেটাৰ এলেক্স হেলছৰ শৰীৰত মহামাৰী ক’ৰ’না ভাইৰাছৰ লক্ষণ দেখা বুলি চাঞ্চল্যকৰ মন্তব্য কৰিছে।

ৰাজাই এইগৰাকী ইংৰাজ ক্ৰিকেটাৰে পাকিস্তানৰ পৰা স্বদেশলৈ উভতি যোৱাৰ পূৰ্বে তেওঁৰ তাত ভাইৰাছবিধৰ লক্ষণ দেখা পোৱা বুলি দাবী কৰে।

মঙলবাৰে পাকিস্তান ছুপাৰ লীগ চমুকৈ পি এছ এল স্থগিতৰ সিদ্ধান্তৰ পিছতে ৰাজাই লাহোৰত সংবাদ মাধ্যমৰ আগত ক’ৰ’না সংক্ৰমণক লৈ এই গুৰুত্বপূৰ্ণ মন্তব্য কৰে।

তেওঁ কয় যে কৰাচি কিংছ দলৰ এজন খেলুৱৈ ক’ৰ’না ভাইৰাছত আক্ৰান্ত আছিল, আৰু এই কথা জানিব পাৰি পি এছ এল স্থগিত কৰা হ’ল।

কৰাচি কিংছৰ হৈ খেলা ইংলেণ্ডৰ অপেনিং বেটছমেন হেলছে পাকিস্তানত ভাইৰাছ বিধৰ প্ৰকোপ বৃদ্ধি পাবলৈ ধৰাত আন ইংৰাজ খেলুৱৈসকলৰ লগত নিজ দেশলৈ উভতি যায়।

Alex-Hales
ইংৰাজ ক্ৰিকেটাৰ এলেক্স হেলছ

ৰামীজে কয়, ‘আমি এতিয়াও নিশ্চিত নহয় কিন্তু আমাৰ সকলোৱে সাৱধানতা অৱলম্বন কৰাটো অত্যন্ত জৰুৰী’।

জানিব পৰা মতে দুদিন পূৰ্বে পি এছ এল এৰি লণ্ডনলৈ উভতি যোৱা হেলছক আছুতীয়াকৈ নিৰীক্ষণত ৰখা হৈছে।

ইফালে পাকিস্তান ক্ৰিকেট ব’ৰ্ডৰ চি ই অ’ ৱাছিম খানেও এগৰাকী বিদেশী ক্ৰিকেটাৰ এই ভাইৰাছ বিধত আক্ৰান্ত হোৱা বুলি মন্তব্য কৰিছে। তেওঁ লগতে ক্ৰিকেটাৰগৰাকী বৰ্তমান পাকিস্তানত নাই বুলিও কয়।

খানে সংবাদ মাধ্যমৰ আগত ক’ৰ’না ভাইৰাছত আক্ৰান্ত বিদেশী খেলুৱৈগৰাকীৰ নাম উল্লেখ কৰাৰ পৰা বিৰত থাকে।

উল্লেখ্য যে বিশ্বৰ প্ৰায়বোৰ দেশতে মহামাৰী ৰূপ ধাৰণ কৰা ক’ৰ’নাত এই পৰ্যন্ত পাকিস্তানত ১৮৪ গৰাকী লোক আক্ৰান্ত হৈছে আৰু ইয়াৰ ফলত এজন লোকৰ মৃত্যু হৈছে।