NORTHEAST NOW (Assamese)
Popular Stories

নিৰ্ধাৰিত সূচীমতে অনুষ্ঠিত হ’ব টকিঅ’ অলিম্পিক ২০২০; IOCৰ উচ্চস্তৰীয় বৈঠকত সিদ্ধান্ত

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 18, 2020 2:28 pm
c62c976d926d6272c2f49d4224cf56697a260ab0c86e27850eac79d784d7d855

নিৰ্ধাৰিত সূচীমতে অনুষ্ঠিত হ’ব টকিঅ’ অলিম্পিক ২০২০। কালি অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় অলিম্পিক সংস্থা(IOC)ৰ উচ্চস্তৰীয় বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়।

ক’ৰ’না ভাইৰাছে সমগ্ৰ বিশ্বতে আতংকৰ সৃষ্টি কৰাৰ বাবে টকিঅ’ অলিম্পিক ২০২০ আয়োজনক লৈ প্ৰশ্ন উত্থাপন হৈছিল।

জাপানৰ কিছুমান অনুষ্ঠানে টকিঅ’ অলিম্পিক বাতিল কৰিব লাগে বুলিও আৰ্জি পেছ কৰিছিল।

আন্তঃৰাষ্ট্ৰীয় অলিম্পিক সংস্থা এই বিষয়টোক গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰি কালি এখন উচ্চস্তৰীয় বৈঠকৰ আয়োজন কৰিছিল।

‘টকিঅ’ অলিম্পিক ২০২০ লৈ এতিয়াও প্ৰায় চাৰি মাহ বাকী আছে, এই অৱস্থাত এনেকুৱা সাংঘাতিক সিদ্ধান্ত লোৱাৰ প্ৰয়োজন নাই। এতিয়াই লোৱা এনে ধাৰণাভিত্তিক সিদ্ধান্তই পিছত ক্ষতি কৰিব পাৰে।’ IOCএ সূত্ৰত প্ৰকাশ।

ক’ৰ’না ভাইৰাছৰ সংক্ৰমণে টকিঅ’ অলিম্পিক ২০২০ প্ৰস্তুতিত প্ৰভাৱ পেলাব বুলি ধাৰণা কৰা হৈছে যদিও আন্তৰাষ্ট্ৰীয় অলিম্পিক সংস্থা এই ক্ষেত্ৰত আত্মবিশ্বাসী যে দিনে দিনে পৰিস্থিতি পৰিৱৰ্তন হ’ব আৰু IOCএ টকিঅ’ অলিম্পিক ২০২০ নিৰ্ধাৰিত সূচীমতে আয়োজন কৰিবলৈ সক্ষম হ’ব।