NORTHEAST NOW (Assamese)
অসম

Breaking News: পঞ্জাৱৰ বাথিণ্ডা সামৰিক ষ্টেচনত গুলীচালনাৰ ঘটনা; নিহত ৪ জন

Posted by: এন ই নাও নিউজ, নতুন দিল্লী Updated by: এন ই নাও নিউজ, নতুন দিল্লী April 12, 2023 10:11 am

বুধবাৰে পুৱা পঞ্জাৱৰ বাথিণ্ডা সামৰিক ষ্টেচনত গুলীচালনাৰ ঘটনা সংঘটিত হোৱাৰ পিছতে কমেও চাৰিজন লোক নিহত হয়। ভাৰতীয় সেনাৰ দক্ষিণ পশ্চিম কমাণ্ডে জনোৱা মতে, অঞ্চলটো ঘেৰাও কৰি ছীল কৰা হৈছে।

ষ্টেচনৰ কুইক ৰেছপঞ্চ দল সক্ৰিয় কৰা হয়। বৰ্তমান তালাচী চলাই থকা হৈছে।

সেনাই জনোৱা মতে, পুৱা প্ৰায় ৪.৩৫ বজাত সামৰিক ষ্টেচনৰ ভিতৰত গুলীচালনাৰ ঘটনা সংঘটিত হয়।

লগতে পঢ়ক: IPL 2023: চলিত আইপিএলত মুম্বাইৰ প্ৰথম জয়; ৰোহিত-পীযুষৰ অদমনীয় প্ৰদৰ্শন; স্নায়ুযুঁজত পৰাস্ত দিল্লী

বাথিণ্ডাৰ এছ এছ পি গুলনীত খুৰানাই কয় যে প্ৰাৰম্ভিক তথ্য অনুসৰি নিৰাপদ কেম্পাছটোত কোনো সেনা জোৱানে আন জোৱানৰ ওপৰত গুলীচালনা কৰাৰ সম্ভাৱনা আছে।

ভাৰতীয় সেনাৰ পশ্চিম কমাণ্ডে জনায়, “আজি বথিণ্ডা সামৰিক ষ্টেচনৰ ভিতৰত পুৱা প্ৰায় ০৪:৩৫ বজাত গুলীচালনাৰ কাণ্ডত চাৰিজন লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে। ষ্টেচন কুইক ৰিয়েকচন টিম সক্ৰিয় কৰি অঞ্চলটো ঘেৰাও কৰি ছীল কৰা হৈছে। তালাচী অভিযান চলি আছে।”

অধিক সবিশেষ জানিবলৈ অপেক্ষা কৰা হৈছে।