NORTHEAST NOW (Assamese)
Popular Stories

গুৰু-শিষ্যৰ সম্পৰ্কত কালিমা! যৌন নিৰ্যাতনৰ অভিযোগত তোলপাৰ ভাৰতীয় নৃত্য একাডেমী

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 12, 2023 10:37 am

দেশৰ অন্যতম বিশিষ্ট কলা আৰু সাংস্কৃতিক প্ৰতিষ্ঠান চেন্নাইৰ কলাক্ষেত্ৰৰ মৰ্যাদাসম্পন্ন নৃত্য একাডেমীত এজন অধ্যাপক আৰু তিনিজন বিকল্প শিক্ষক হিচাপে কাম কৰা ৰেপাৰ্টৰী শিল্পীৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগে পৰিস্থিতি উত্তাল কৰি ৰাখিছে।

এই বিতৰ্কৰ কেন্দ্ৰবিন্দুত আছে কলাক্ষেত্ৰৰ দ্বাৰা পৰিচালিত এখন মহাবিদ্যালয় ৰুক্মিণী দেৱী কলেজ অৱ ফাইন আৰ্টছ যি প্ৰসিদ্ধ শাস্ত্ৰীয় নৃত্য ভৰতনাট্যমৰ পাঠদানৰ বাবে বিখ্যাত।

যোৱা সপ্তাহত এজন প্ৰাক্তন শিক্ষাৰ্থীয়ে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰি এজাহাৰ দাখিল কৰাৰ পিছতে আৰক্ষীয়ে সহকাৰী অধ্যাপক তথা নিপুণ নৃত্যশিল্পী হৰি পেডমেনক গ্ৰেপ্তাৰ কৰিছিল।

লগতে পঢ়ক: Breaking News: পঞ্জাৱৰ বাথিণ্ডা সামৰিক ষ্টেচনত গুলীচালনাৰ ঘটনা; নিহত ৪ জন

তামিলনাডুৰ চেন্নাই চহৰত অৱস্থিত প্ৰতিষ্ঠানটোৰ ২০০ৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে কেইবাদিনো ধৰি প্ৰতিবাদ সাব্যস্ত কৰাৰ পিছত এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। বছৰ বছৰ ধৰি কেম্পাছত যৌন নিৰ্যাতন চলি থকাৰ অভিযোগ উত্থাপন কৰি প্ৰতিবাদকাৰীসকলে প্ৰশাসনে তেওঁলোকৰ অভিযোগক আওকাণ কৰাৰ অভিযোগ আনিছে।

অধ্যাপক হৰি পেডমেনৰ বিৰুদ্ধে যৌন অসৎ নিৰ্যাতনৰ অভিযোগৰ তদন্ত কৰি থকাৰ সময়তো কলাক্ষেত্ৰ ফাউণ্ডেশ্যনৰ প্ৰশাসনে অভিযোগৰ বাবে চৰ্চিত ইন্টাৰ্গৰাকীয়ে  সন্মুখীন হোৱা অস্বস্তিকৰ পৰিস্থিতি তথা তেওঁৰ মানসিক চাপ দূৰ কৰাত ব্যৰ্থ হৈছে। ফলত মহিলা ইন্টাৰ্ণগৰাকীয়ে কয় যে তেওঁৰ মানসিক স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰিছে আৰু তেওঁৰ ভৱিষ্যত এতিয়া আন্ধকাৰময় হৈ পৰিছে।

ভাৰতীয় নৃত্য একাডেমীত শিক্ষাৰ্থীৰ প্ৰতিবাদ। ফটো: সংগ্ৰহীত।

২৪ বছৰীয়া ইন্টাৰ্ণগৰাকীয়ে কয় যে তেওঁৰ সমস্যা আৰম্ভ হৈছিল যেতিয়া কলাক্ষেত্ৰৰ এগৰাকী প্ৰাক্তন সঞ্চালিকাই যোৱা ডিচেম্বৰ মাহত এটা ফেচবুক পোষ্টত তেওঁক পেডমেনৰ “মিষ্ট্ৰেছ” বুলি অভিহিত কৰিছিল। ইন্টাৰ্ণজনৰ বিষয়ে কৰা মন্তব্যটো সমগ্ৰ কেম্পাছতে দ্ৰুতগতিত বিয়পি পৰে। পেডমেনৰ সৈতে তেওঁৰ তেনে কোনো সম্পৰ্ক নাই বুলি কোৱা ইন্টাৰ্ণগৰাকীয়ে কয় যে তেওঁৰ জীৱনটো প্ৰায় নৰক হৈ পৰিছে।

২০১৬ চনৰ পৰা কলাক্ষেত্ৰত থকা আৰু তাতেই ভৰতনাট্যমত ডিপ্লমা আৰু পোষ্ট ডিপ্লমা সম্পূৰ্ণ কৰা ইন্টাৰ্ণগৰাকীয়ে সংবাদমাধ্যমৰ আগত কয়, ‘’এই পোষ্টটোৱে মোৰ সুনাম আৰু কেৰিয়াৰৰ অপৰিসীম ক্ষতিসাধন কৰিলে। সৰ্বোপৰি, মোৰ শিক্ষকৰ সৈতে অবৈধ সম্পৰ্কৰ অভিযোগ উত্থাপন হোৱাৰ বাবে ই মোৰ মানসিক স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাইছে।‘’

লগতে পঢ়ক: IPL 2023: চলিত আইপিএলত মুম্বাইৰ প্ৰথম জয়; ৰোহিত-পীযুষৰ অদমনীয় প্ৰদৰ্শন; স্নায়ুযুঁজত পৰাস্ত দিল্লী

ইন্টাৰ্ণগৰাকীয়ে লগতে কয়, ‘’মই বুজি পাইছো যে প্ৰাক্তন সঞ্চালিকাগৰাকীয়ে কেম্পাছত যৌন নিৰ্যাতনৰ বিষয়টো উত্থাপন কৰিব বিচাৰিছিল, কিন্তু মোৰ বিৰুদ্ধে অপমানজনক মন্তব্য কৰাৰ প্ৰয়োজন নাছিল। মই এগৰাকী অবিবাহিত ছোৱালী আৰু মোৰ ভৱিষ্যত, মোৰ জীৱন, মোৰ মৰ্যাদাৰ কথা কোনেও ভবা নাছিল।‘’

তেওঁ ইতিমধ্য প্ৰাক্তন সঞ্চালিকাগৰাকীৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় মহিলা আয়োগত এজাহাৰ দাখিল কৰিছে। ৰাষ্ট্ৰীয় মহিলা আয়োগে ১১ এপ্ৰিলত প্ৰাক্তন সঞ্চালকগৰাকীক তেওঁলোকৰ সন্মুখত হাজিৰ হ’বলৈ কয়।

ইন্টাৰ্ণগৰাকীয়ে তেওঁক ক্ষমা বিচাৰি আইনী জাননীও প্ৰেৰণ কৰে। অন্তৱৰ্তীকালীন উত্তৰত প্ৰাক্তন সঞ্চালিকাগৰাকীয়ে তেওঁৰ অধিবক্তাৰ জৰিয়তে এই অভিযোগ অস্বীকাৰ কৰে। জানুৱাৰী মাহত প্ৰতিষ্ঠানটোৱে যৌন নিৰ্যাতনৰ ওপৰত এজন অধিবক্তাৰ দ্বাৰা আলোচনা চক্ৰ অনুষ্ঠিত কৰিছিল।

তেওঁ কয়, “অধিবক্তাগৰাকীয়ে দৰ্শকৰ পৰা প্ৰশ্ন আহ্বান কৰিছিল। এজন পুৰুষ অধ্যাপকে থিয় হৈ সুধিলে যে যদি কোনো ছাত্ৰৰ শিক্ষকৰ সৈতে প্ৰেমৰ সম্পৰ্ক থাকে, যিটো আৰম্ভণিতে সন্মতিসূচক নহয় যদিও পিছলৈ সহমতত পৰিণত হয়, তেন্তে কি কৰিব পাৰি।‘’

ইন্টাৰ্ণ মহিলাগৰাকীয়ে জনায়, “তেওঁৰ প্ৰশ্নটো মোৰ বিষয়ে উৰাবাতৰিৰ প্ৰত্যক্ষ প্ৰসংগ আছিল। লগে লগে সকলোৱে মূৰ তুলি মোৰ ফালে ঘূৰি চায়। শ শ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকে মোৰ ফালে এনেদৰে চাই আছিল যেন এইটো প্ৰাক্তন সঞ্চালিকাগৰাকীৰ পোষ্টটোৰ নিশ্চিতিহে।‘’

‘’ইয়াৰ পিছত সকলো জুনিয়ৰে মোৰ লগত কথা পতা বন্ধ কৰি দিলে আৰু মোৰ প্ৰতি শিক্ষকৰ আচৰণ সলনি হ’ল,’’-মহিলাগৰাকীয়ে লগতে কয়।

ভাৰতীয় নৃত্য একাডেমীত প্ৰতিবাদৰত শিক্ষাৰ্থী। ফটো: সংগ্ৰহীত।

আইনী বিশেষজ্ঞসকলে কয় যে এনে অপমানো এক প্ৰকাৰৰ হাৰাশাস্তি। অধিবক্তা কে সৰিথাইই কয়, “মহিলা কৰ্মচাৰীৰ স্বাস্থ্য বা সুৰক্ষাত প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা থকা অপমানজনক আচৰণক কৰ্মক্ষেত্ৰত মহিলাৰ যৌন নিৰ্যাতন (প্ৰতিৰোধ, নিবাৰণ আৰু প্ৰতিকাৰ) আইন, ২০১৩ অনুসৰি যৌন নিৰ্যাতন বুলি গণ্য কৰা হয়। যদি ছাত্ৰীজনীক শিক্ষকে চাপত পেলাইছিল, তেন্তে তেওঁৰ ভাবমূৰ্তি কলংকিত কৰাৰ বাবে শিক্ষকৰ বিৰুদ্ধে লোৱা উচিত।‘’

কলাক্ষেত্ৰৰ আভ্যন্তৰীণ অভিযোগ সমিতি (আইচিচি)য়ে যেতিয়া পেডমেনৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ সন্দৰ্ভত তদন্ত কৰে, তেতিয়া ইন্টাৰ্ণজনক সোধা-পোছা কৰা হয়। তেওঁ পেনেলক কয় যে অধ্যাপক পেডমেনৰ সৈতে তেওঁৰ সম্পৰ্ক এগৰাকী ছাত্ৰী আৰু এগৰাকী শিক্ষকৰ। উৰাবাতৰিৰ বাবে কেম্পাছত সন্মুখীন হোৱা অসুবিধাৰ বিষয়েও তেওঁ পেনেলক জনায়। অৱশ্যে এই উৰাবাতৰিৰ ফলত সৃষ্টি হোৱা তিক্ততাপূৰ্ণ পৰিবেশ লাঘৱ কৰিবলৈ প্ৰশাসনে একো কৰা নাই বুলি কয় ছাত্ৰীগৰাকীয়ে।

শেহতীয়াকৈ পদত্যাগ কৰা আই চি চিৰ বাহ্যিক সদস্য অধিবক্তা বি এছ অজীথাই নিশ্চিত কৰিছে যে তেওঁৰ অভিযোগৰ শুনানি সমিতিয়ে গ্ৰহণ কৰিছে। অজীথাই কয়, “আমি তেওঁৰ বিষয়ে পোষ্টটোত উত্থাপিত অভিযোগ অনুচিত বুলি পাইছিলোঁ। তেওঁ আমাক কৈছিল যে তেওঁ বলি হৈ পৰিছে আৰু কোনো শিক্ষাৰ্থীয়ে তেওঁৰ লগত কথা নপতা হৈছে। আমি উৰাবাতৰি মিছা বুলি প্ৰতিবেদন দাখিল কৰিছিলো আৰু সঞ্চালকেও তেওঁক পৰামৰ্শ দিছিল।‘’

লগতে পঢ়ক: ভাল খবৰ! প্ৰথম অসমীয়া হিচাপে আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ উপদেষ্টা হিচাপে নিযুক্তি পালে ড০ ৰূপম শৰ্মাই

অধিবক্তা অজীথাই কয়, ‘’যিহেতু এই পোষ্টটো বাহিৰৰ ব্যক্তিয়ে দিছিল, সেয়েহে তেওঁ আইনী গোচৰ ৰুজু কৰিবলৈ আগ্ৰহী আছিল… আইচিচিক দিয়া অভিযোগত ছাত্ৰীগৰাকীয়ে কোনো শিক্ষকৰ নাম উল্লেখ কৰা নাছিল।‘’

ইন্টাৰ্ণগৰাকীয়ে এতিয়া কেম্পাছ এৰিছে। তেওঁ কয়, ‘’শৈশৱৰ পৰাই মই এগৰাকী প্ৰখ্যাত ভাৰতনাট্যমৰ নৃত্যশিল্পী হোৱাৰ সপোন লালন-পালন কৰিছিলোঁ… এই ঘটনাৰ পিছত মই জানো যে মোৰ কেৰিয়াৰ শেষ হৈ গ’ল।‘’