NORTHEAST NOW (Assamese)
অসম

অসমৰ অংকুশিতা বিশ্ব মহিলা যুৱ বক্সিঙৰ ছেমিত

Posted by: এন ই নিউজ ব্যুৰো, গুৱাহাটী: November 22, 2017 4:42 pm

গুৱাহাটীত চলি থকা বিশ্ব মহিলাৰ যুৱ বক্সিঙত অসমৰ অংকুশিতা বড়োৱে আন এক কৃতিত্ব কঢ়িয়াই আনিছে সমগ্ৰ দেশবাসী তথা ৰাজ্যবাসীলৈ। আজি আবেলি অনুষ্ঠিত হোৱা ৬৪ কেজি শাখাত বড়োৱে ইটালিৰ নিক’লি ৰেবেকা (Nicoli Rebecca)ক হৰুৱাই প্ৰতিযোগিতাখনৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে।এই জয়ৰ জৰিয়তে তেওঁ অন্ততঃ এটা পদক পোৱাটোও নিশ্চিত হ’ল। অংকুশিতাৰ এই জয় তেওঁৰ কেৰিয়াৰত এই পৰ্য্যন্ত লাভ কৰা আটাইতকৈ ডাঙৰ সফলতা।