NORTHEAST NOW (Assamese)
অসম

কৰ’নাভাইৰাছৰ পূৰ্বে বিশ্বত দেখা দিয়া ১১টা মহামাৰীৰ বিষয়ে জানো আহক

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 19, 2020 7:12 pm
coronavirus

কৰ’নাভাইৰাছক বিশ্ব স্বাস্থ্য সংস্থাই মহামাৰীৰ আখ্যা দিছে।

ইতিমধ্যে এই ৰোগত বিশ্বজুৰি দুই লাখতকৈ অধিক লোক আক্ৰান্ত হৈছে।

আমি আপোনালোকলৈ আগবঢ়াইছো কৰ’নাভাইৰাছৰ পূৰ্বে বিশ্বৰ বিভিন্ন ঠাইত দেখা দিয়া ১১টা মহামাৰী

 

১. খ্ৰীষ্টপূর্ব ৪৩০: এথেন্স

খ্ৰীষ্টপূৰ্ব ৪৩০ত গ্ৰীচৰ ৰাজধানী এথেন্সত এক মহামাৰীয়ে দেখা দিছিল। ৰোগবিধ লিবিয়া, ইথিয়পিয়া, মিছৰ হৈ এথেন্স পাইছিলগৈ। এই ৰোগত অঞ্চলটোৰ মুঠ জনসংখ্যাৰ দুই তৃতীয়াংশৰ মৃত্যু হৈছিল।

ধাৰণা কৰা হয় এই মহামাৰী আছিল টায়ফয়দ জ্বৰ। ৰোগৰ লক্ষণ আছিল জ্বৰ, ডিঙি আৰু জিভা ৰঙা পৰা আৰু গাত ঘাঁ হোৱা।

 

২. ৫৪১ খ্ৰীষ্টাব্দ: প্লেগ

মিছৰত প্ৰথম এই ৰোগে দেখা দিছিল। পিছত ই গৈ বাইজেণ্টাইন সাম্ৰাজ্য পাইছিলগৈ আৰু সমগ্ৰ ভূমধ্যসাগৰীয় অঞ্চলত মহামাৰীয়ে দেখা দিয়ে।

এন্দুৰৰ পৰা উদ্ভৱ হোৱা এই ৰোগে পৰৱৰ্তী শতিকাসমূহতো মহামাৰীৰূপে দেখা দিছিল। প্ৰায় পাঁচ কোটি মানুহ মৃত্যুমুখত পৰিছিল। মৃত্যুৰ সংখ্যা আছিল পৃথিৱীৰ মুঠ জনসংখ্যাৰ ২৬ শতাংশ।

 

৩. একাদশ শতাব্দী: কুষ্ঠ

কুষ্ঠৰোগ আগৰ পৰাই আছিল, কিন্তু মধ্যযুগত ইউৰোপত ই মহামাৰীৰ ৰূপ গ্ৰহণ কৰিছিল। কুষ্ঠৰোগ বেক্টেৰিয়াৰ পৰা হোৱা ৰোগ। এণ্টি-বায়’টিক আৱিষ্কাৰৰ পূৰ্বে ই মাৰাত্মক ৰোগৰূপে জনাজাত আছিল।

 

৪. ১৩৫০ চন

এই মহামাৰিত সেই সময়ৰ বিশ্ব জনসংখ্যাৰ এক-তৃতীয়াংশৰ মৃত্যু হৈছিল। এই ৰোগৰ কাৰণে দায়ী আছিল এক নির্দিষ্ট বেক্টেৰিয়া। প্ৰথমে এছিয়াত দেখা দিয়া এই ৰোগ পৰৱৰ্তী সময়ত ইউৰোপলৈয়ো বিয়পি গৈছিল। দি ব্লেক ডেথ নামেৰে খ্যাত এই ৰোগত প্ৰাণহানিৰ সংখ্যা ইমানেই বৃদ্ধি পাইছিল যে ৰাষ্টাই-ঘাটে মানুহৰ মৃতদেহ পৰি ৰৈছিল।

 

৫. দি গ্রেট প্লেগ অৱ লন্ডন: ১৬৬৫ চন

এই ৰোগো আছিল প্লেগ। এই মহামাৰীত লণ্ডনৰ মুঠ জনসংখ্যাৰ ২০ শতাংশ মৃত্যুমুখত পৰিছিল।

 

৬. কলেৰা মহামাৰী: ১৮১৭ চন

কলেৰাৰ প্ৰথম মহামাৰীটো আৰম্ভ হৈছিল ৰাছিয়াত। তাত এই ৰোগত প্ৰায় দহ লাখ মানুহ মৃত্যুমুখত পৰিছিল। পিছত ভাৰতকে ধৰি এছিয়া, আমেৰিকা আৰু ইউৰোপতো এই মহামাৰী বিয়পি পৰিছিল। গোটেই পৃথিৱীতে মুঠ প্ৰায় ২২ লাখ লোক মৃত্যুমুখত পৰিছিল। পৰৱৰ্তী কালতো কলেৰাই বিশ্বৰ বিভিন্ন ঠাইত দেখা দিছিল।

 

৭. তৃতীয় প্লেগ মহামাৰী: ১৮৫৫ চন

চীনৰ পৰা এই মহামাৰীৰ সূত্ৰপাত হৈছিল। পিছত এই ৰোগ ভাৰতলৈয়ো বিয়পি পৰিছিল। প্ৰায় ডেৰ কোটি মানুহ এই মহামাৰীৰ চিকাৰ হৈছিল।

 

৮. ৰাছিয়ান ফ্লু: ১৮৮৯ চন

ফ্লুৰ জৰিয়তে হোৱা এইটোৱে আছিল প্ৰথম মহামাৰী। চাইবেৰিয়া আৰু কাজাখাস্তানত প্ৰথমএ ইয়াৰ সূত্ৰপাত হৈছিল আৰু পিছত ইউৰোপৰ আন দেশতো ই দেখা দিছিল। সমুদ্ৰ পাৰ হৈ এই ৰোগ উত্তৰ আমেৰিকা আৰু আফ্ৰিকালৈয়ো বিয়পি পৰিছিল। এই ৰোগত প্ৰায় তিনি লাখ ৬০ হাজাৰ মানুহৰ মৃত্যু হৈছিল।

 

৯. স্পেনিশ্ব ফ্লু: ১৯১৮ চন

এই মহামাৰীত বিশ্বজুৰি প্রায় পাঁচ কোটি মানুহৰ মৃত্যু হৈছিল। স্পেনিশ্ব ফ্লুৰ উৎপত্তিস্থল চীন বুলি ধাৰণা কৰা হয়। কাম কৰিবলৈ যোৱা চীনা শ্ৰমিকৰ জৰিয়তে এই ৰোগ আমেৰিকা আৰু ইউৰোপতো বিয়পি পৰিছিল। স্পেইনৰ মাদ্ৰিদ চহৰত এই মহামাৰীয়ে ব্যাপক ৰূপ লোৱাত ইয়াক স্পেনিশ্ব ফ্লু নামেৰে জনা যায়। বিশ্বজুৰি ৫০ কোটি মানুহ এই ৰোগত আক্ৰান্ত হৈছিল। অকল স্পেইনতে ৮০ লাখ মানুহ এই ৰোগত আক্ৰান্ত হৈছিল।

 

১০. এছিয়ান ফ্লু: ১৯৫৭ চন

হংকঙৰ পৰা এই ৰোগ চীনলৈ বিয়পিছিল। পিছলৈ ই আমেৰিকা আৰু ইংলেণ্ডলৈয়ো বিয়পি পৰিছিল। এই ৰোগত প্ৰায় ১৪ হাজাৰ মানুহ মৃত্যুমুখত পৰিছিল। ১৯৫৮ চনৰ প্ৰথমভাগত এই ৰোগে পুনৰ দেখা দিয়ে আৰু বিশ্বজুৰি প্ৰায় ১১ লাখ মানুহৰ মৃত্যু হয়। কেৱল আমেৰিকাতেই এই ৰোগত ১ লাখ ১৬ হাজাৰ মানুহ মৃত্যুমুখত পৰিছিল।

 

১১. এইচ আই ভি/এইডছ: ১৯৮১ চন

১৯৮১ চনত প্ৰথমবাৰৰ বাবে এই ৰোগৰ চিনাক্তকৰণ সম্ভৱ হয়। চিনাক্তকৰণৰ দিন ধৰি আজিলৈকে এই ৰোগত বিশ্বজুৰি প্ৰায় চাৰে তিনি কোটি মানুহৰ মৃত্যু হৈছে।

 

১২. কৰ’নাভাইৰাছ: ২০১৯

২০১৯ চনৰ শেষৰ ফালে চীনৰ উহান চহৰত এই ৰোগে প্ৰথম দেখা দিছিল। বৰ্তমান গোটেই পৃথিৱীলৈ এই ৰোগ বিয়পি পৰিছে।

অসমত বৰ্তমানলৈকে কোনো লোক কৰ’নাভাইৰাছত আক্ৰান্ত হোৱাৰ খবৰ অহা নাই।

কৰ’নাভাইৰাছত এতিয়ালৈকে বিশ্বজুৰি দুই লাখতকৈ অধিক লোক আক্ৰান্ত হৈছে। আঠ হাজাৰতকৈয়ো অধিক লোকৰ মৃত্যু হৈছে।

চীনত ৮২,০০০, ইটালিত ২৭,৯৮০ আৰু ইৰানত ১৬,১৬৯ গৰাকী ব্যক্তি আক্ৰান্ত হৈছে।