NORTHEAST NOW (Assamese)
Popular Stories

আমাক ন্যায় লাগে NIA নালাগে; স্বেচ্ছাচাৰী চৰকাৰ উফৰি যাব : শৃংখল চলিহা

Posted by: দীপজ্যোতি শৰ্মা Updated by: দীপজ্যোতি শৰ্মা March 19, 2020 7:08 pm
CID summons two leaders of BIr Lachit Sena

‘আমাক ন্যায় লাগে নিয়া (NIA) নালাগে। উচ্চ ন্যায়ালয়ে আমাক ন্যায় দিছে। অখিল গগৈক যি মাওবাদী সজাবলৈ গৈছিল সেই ক্ষেত্ৰত অখিল গগৈয়ে ৰেহাই পাইছে’ এই মন্তব্য বীৰ লাচিত সেনাৰ সাংগঠনিক সম্পাদক শৃংখল চলিহাৰ।

‘কা’ বিৰোধী আন্দোলনকাৰীৰ ওপৰত চলা চৰকাৰী ‘আক্ৰমণ’ৰ প্ৰতিবাদত গুৱাহাটী প্ৰেছ ক্লাবত আজি নাগৰিক সমাজে আহ্বান কৰা এখন সভাত উপস্থিত থাকি সংবাদ মাধ্যমৰ আগত শৃংখল চলিহাই এইদৰে কয়।

NIA গোচৰৰ পৰা মুক্ত হোৱাৰ পিছতে পুনৰ কৃষক নেতাজনৰ ওপৰত ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ জাপি শিৱসাগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি শৃংখলে চলিহাই, ‘ন্যায় আৰু গণতান্ত্ৰিক ব্যৱস্থাৰ প্ৰতি আমাৰ এতিয়াও বিশ্বাস আছে। আমাৰ বিশ্বাস শিৱসাগৰৰ গোচৰত অখিল গগৈয়ে শীঘ্ৰে জামিন পাব আৰু মুকলি আকাশৰ তললৈ আহিব।‘

আনহাতে অখিল গগৈ মুকলি আকাশৰ তললৈ ওলাই অহাৰ পিছতে ‘কা’ বিৰোধী সংগ্রামখন যাতে ঐক্যবদ্ধ হয় তাৰ প্ৰতি কৃষক মুক্তি তথা অন্যান্য দল-সংগঠনলৈ চলিহাই আহ্বান জনায়।

বিজেপি দল উফৰি যাব বুলি উল্লেখ কৰি তেওঁ আৰু কয় ‘স্বেচ্ছাচাৰী চৰকাৰে হিটলাৰী শাসন ব্যৱস্থা কিমান দিন চলাব। যি দৰে ইন্দিৰা গান্ধীৰ দৰে মানুহ ফেচিষ্ট চৰকাৰ চলাই উফৰি গৈছিল সেইদৰে উফৰি যাব বিজেপি। ইন্দিৰা গান্ধীৰ জৰুৰীকালীন অৱস্থাতকৈ এতিয়া ভয়ংকৰ অৱস্থা হৈ আছে।‘

মিৰা বৰঠাকুৰকে ধৰি বিভিন্ন ব্যক্তিৰ প্ৰতি একাংশই ফে’চবুকত অশ্লীল মন্তব্য কৰা কাৰ্য্যকো বীৰ লাচিত সেনাৰ নেতাজনে গৰিহনা দিয়ে আৰু ইয়াৰ বাবে বিজেপিৰ আই টি চেলক কঠোৰ সমালোচনা কৰে। তেওঁৰ মতে ‘ভোটৰ স্বাৰ্থত বিজেপিয়ে এক উঠি অহা প্ৰজন্মক শেষ কৰি দিছে।‘