NORTHEAST NOW (Assamese)
অসম

অতিৰিক্ত পানী খোৱা মানেই বিপদ! চিকিৎসকক আচৰিত কৰি তুলিছে এই ঘটনাই

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 24, 2024 8:55 am
অতিৰিক্ত পানী খোৱা মানেই বিপদ! চিকিৎসকক আচৰিত কৰি তুলিছে এই ঘটনাই

পানী খোৱাটো শৰীৰৰ বাবে উপকাৰী বুলি বিবেচনা কৰা হয়। ওজন হ্ৰাসৰ পৰা আৰম্ভ কৰি হাইড্ৰেটেড হৈ থাকিবলৈ ২-৩ লিটাৰ পানী খোৱাৰ পৰামৰ্শ দিয়া হয়। কিন্তু হায়দৰাবাদৰ পৰা পোহৰলৈ অহা এক ঘটনা সকলোকে আচৰিত কৰি তুলিছে। দৰাচলতে ইয়াত এগৰাকী মহিলাই ৰাতিপুৱা পানী খোৱাটোৱে বিপদ মাতি আনিলে

অৱস্থা ইমানেই বেয়া হৈ গ’ল যে তেওঁক চিকিৎসালয়ত ভৰ্তি কৰিবলগীয়া হ’ল। তথ্য অনুসৰি ৰাতিপুৱা শুই উঠিয়েই মহিলাগৰাকীয়ে চাৰি লিটাৰ পানী খাইছিল। যাৰ বাবে তেওঁৰ অৱস্থা বেয়া হৈ পৰিল। এনে পৰিস্থিতিত জানো আহক, অধিক পানী খোৱাটোৱে সঁচাকৈয়ে স্বাস্থ্যৰ ক্ষতি কৰে নেকি?

বাতৰি অনুসৰি, পানী খোৱাৰ পিছত মহিলাগৰাকীৰ কেইমিনিটমানৰ বাবে মূৰ ঘূৰোৱাৰ সমস্যা দেখা দিয়ে আৰু তেওঁ হঠাতে অজ্ঞান হৈ পৰে। চিকিৎসকে এই অৱস্থাক হাইপ’নাট্ৰেমিয়া (তেজত ছডিয়ামৰ অভাৱ) বুলি কয়। অৰ্থাৎ শৰীৰত পানীৰ পৰিমাণ বেছি আৰু ছডিয়ামৰ পৰিমাণ কম হ’লে মূৰ ঘূৰোৱা সমস্যা হ’ব পাৰে। মহিলাগৰাকীৰ তেজ পৰীক্ষাত ছডিয়ামৰ মাত্ৰা ১১০ মিলিমোল/লিটাৰ বুলি ধৰা পৰে, যিটো স্বাভাৱিকতকৈ বহু কম।

এনে পৰিস্থিতিত প্ৰশ্ন হয়, অতিৰিক্ত পানী খোৱাটো শৰীৰৰ বাবে বিপদজনক? কিন্তু পানীয়ে শৰীৰৰ বাবে ডিটক্স হিচাপে কাম কৰে যিয়ে অদৰকাৰী পদাৰ্থবোৰ বাহিৰ কৰি দিয়ে। কিন্তু কেতিয়াবা শৰীৰত পানীৰ পৰিমাণ ইমানেই বাঢ়ি যায় যে প্ৰস্ৰাৱৰ যোগেদি সেয়া বাহিৰ হ’ব নোৱাৰে আৰু তেজ পাতল হ’বলৈ ধৰে। এনে পৰিস্থিতিত শৰীৰত থকা ইলেক্ট্ৰলাইট অৰ্থাৎ ছডিয়াম কমিবলৈ আৰম্ভ কৰে আৰু শৰীৰৰ কোষবোৰ ফুলিবলৈ আৰম্ভ কৰে। ইয়াৰ ফলত মগজুত প্ৰভাৱ পৰে আৰু মগজুৱে কাম কৰা বন্ধ কৰি দিয়ে।

অত্যধিক পানী খোৱাৰ লক্ষণ

যদিও অতিমাত্ৰা পানী খোৱাৰ কথা ভৱিষ্যদ্বাণী কৰাটো কঠিন, তথাপিও যদি আপুনি পানী খোৱাৰ পিছত বমি, মূৰৰ বিষ, অলসতা, ভাগৰুৱা, খিংখিঙীয়া, মূৰ ঘূৰোৱা, হাত, ভৰি, পেট ফুলা অনুভৱ কৰে, তেন্তে ইয়াৰ কাৰণ হ’ব পাৰে অতিমাত্ৰা পানী সেৱন। এনে ক্ষেত্ৰত আপুনি চিকিৎসকৰ ওচৰলৈ যাব লাগে। যদি প্ৰস্ৰাৱৰ ৰং পাতল হালধীয়া হয় তেন্তে আপুনি হাইড্ৰেটেড হয়। যদি প্ৰস্ৰাৱ ৰংহীন হয় তেন্তে আপুনি প্ৰয়োজনতকৈ বেছি পানী খাইছে বুলি ধৰি ল’ব পাৰি।

অত্যধিক পানী খোৱাৰ পৰা কেনেকৈ হাত সাৰিব পাৰি?

শৰীৰত প্ৰতিদিনে ২-৪ লিটাৰ পানীৰ প্ৰয়োজন হয়। কিন্তু একেলগে খোৱাৰ পৰিৱৰ্তে অলপ অলপকৈ পান কৰক। জোৰকৈ পানী খোৱাৰ পৰা বিৰত থাকক। শৰীৰৰ সংকেতবোৰ বুজি লওক। পিয়াহ নিবাৰণৰ পিছত পানী খোৱা বন্ধ কৰক। পানী খোৱাৰ পিছত মূৰৰ বিষ বা বমি হ’লে পানী খাব নালাগে। সমস্যাটো থাকিলে চিকিৎসকৰ সৈতে যোগাযোগ কৰক।