NORTHEAST NOW (Assamese)
অসম

কেন্দ্ৰীয় চৰকাৰৰ ডাঙৰ ঘোষণা! পঞ্চম আৰু অষ্টম শ্ৰেণীৰ বাবে ঘূৰি আহিল পাছ-ফেইল চিষ্টেম

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 24, 2024 9:56 am

কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ে লৈছে ডাঙৰ পদক্ষেপ। বহু চিন্তা-চৰ্চাৰ পিছত অৱশেষত অধিসূচনা জাৰি কৰি কেন্দ্ৰই পাছ-ফেইল প্ৰক্ৰিয়াটো ঘূৰাই অনাৰ ঘোষণা কৰিছে। অৱশ্যে সকলো শ্ৰেণীতে নহয়। কেৱল পঞ্চম আৰু অষ্টম শ্ৰেণীত। ফলত বিদ্যালয়সমূহত পঞ্চম আৰু অষ্টম শ্ৰেণীৰ পৰীক্ষা অনুষ্ঠিত হ’ব। পৰীক্ষাত উত্তীৰ্ণ হ’লেহে ছাত্ৰ-ছাত্ৰীয়ে পৰৱৰ্তী শ্ৰেণীলৈ আগবাঢ়ি যোৱাৰ সুযোগ পাব।

এতিয়ালৈকে পঞ্চম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ ছাত্ৰ-ছাত্ৰীৰ বাৰ্ষিক পৰীক্ষা থাকিলেও পাছ-ফেইলৰ বিষয় নাছিল। কিন্তু শিক্ষা মন্ত্ৰালয়ে অনুভৱ কৰে যে এই ব্যৱস্থাৰ ফলস্বৰূপে  ছাত্ৰ-ছাত্ৰীসকলৰ পঢ়াৰ প্ৰতি আগ্ৰহ কমি আহিছে। যাৰ বাবে শিক্ষা ব্যৱস্থাত এই বৃহৎ সংস্কাৰ অনা হ’ল।

অতীতৰ ‘নো ডিটেনচন পলিচি’ ত্যাগ কৰি কেন্দ্ৰই নতুন অধিসূচনাত পঞ্চম আৰু অষ্টম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীয়ে বছৰৰ শেষৰ পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছতহে নতুন শ্ৰেণীত যোগদানৰ সুযোগ পাব বুলি জনাইছে। যদি কোনো ছাত্ৰ-ছাত্ৰী এই দুটা শ্ৰেণীৰ কোনো বিষয়ত ফেইল কৰে তেন্তে দুমাহৰ ভিতৰত সেই বিষয়ত দ্বিতীয়বাৰৰ বাবে অৱতীৰ্ণ হোৱাৰ সুযোগ দিয়া হ’ব। তাতো বিফল হ’লে অনুত্তীৰ্ণ বুলি গণ্য কৰা হ’ব। ফলত শিক্ষাৰ্থীজনে আৰু এবছৰ সেই শ্ৰেণীত পঢ়িব লাগিব।

অৱশ্যে নতুন অধিসূচনাত কেন্দ্ৰই কয় যে পৰীক্ষাত ব্যৰ্থ হোৱা ছাত্ৰ-ছাত্ৰীক শিক্ষকসকলে অতিৰিক্ত গুৰুত্ব দিব লাগিব। প্ৰয়োজন হ’লে অভিভাৱকসকলক ফোন কৰি প্ৰয়োজনীয় পৰামৰ্শ দিবলৈ নিৰ্দেশ দিয়া হৈছে। একে সময়তে কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ে স্পষ্ট কৰি দিছে যে প্ৰাথমিক শিক্ষা সম্পূৰ্ণ নোহোৱালৈকে কোনো শিশুক কোনো বিদ্যালয়ৰ পৰা বহিষ্কাৰ কৰা নহ’ব।

উল্লেখ্য যে ইয়াৰ পূৰ্বে ২০১৯ চনত মোডী চৰকাৰে শিক্ষাৰ অধিকাৰ বিধেয়কখন সংশোধন কৰিছিল। বিধেয়কখনৰ জৰিয়তে পুৰণি পাছ-ফেইল নিয়মটো ঘূৰাই অনা হৈছিল। যদিও বিধেয়কখন গৃহীত হৈছিল, তথাপিও ১৬খন ৰাজ্য আৰু দুখন কেন্দ্ৰীয় শাসিত অঞ্চলে এই বিধেয়ক গ্ৰহণ কৰা নাছিল।

এতিয়া এই অধিসূচনা কেন্দ্ৰই জাৰি কৰাৰ পিছত দেশৰ সকলো কেন্দ্ৰীয় বিদ্যালয়তে এই নতুন নীতি প্ৰযোজ্য হ’ব। কিন্তু কেন্দ্রৰ এই সিদ্ধান্ত ৰাজ্যসমূহে মানি ল’ব নে নাই সেয়া সম্পূর্ণ ৰাজ্যসমূহৰ হাতত থাকিব৷