NORTHEAST NOW (Assamese)
অসম

“Vedio” চিগাৰেটৰ টুকুৰাৰ পৰা গুৱাহাটীৰ বেতকুছিৰ পৰিবহণ বিভাগৰ কাৰ্যালয়ত অগ্নিকাণ্ড

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া November 30, 2018 5:51 pm

গুৱাহাটীৰ বেটকুছিস্থিত পৰিবহণ বিভাগৰ কাৰ্যালয়ত আজি এক অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। সামান্য এটা চিগাৰেটৰ টুকুৰাৰ পৰা এই ভয়াৱহ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে চিগাৰেটৰ টুকুৰাৰ পৰা সংঘটিত এই অগ্নিকাণ্ডৰ ফলত পৰিবহণ বিভাগৰ কাৰ্যালয়ত থকা এখন ই-ৰিক্সা সম্পূৰ্ণভাৱে ভস্মীভূত হয়।

আনহাতে অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হোৱাৰ লগে লগে পৰিবহণ বিষয়াৰ কাৰ্যালয়ৰ চৌহদত থকা জনসাধাৰণৰ মাজত হুৱাদুৱা লাগে।

আজি দুপৰীয়া প্ৰায় ১ বজাত সংঘটিত এই অগ্নিকাণ্ডৰ পিছতে তাৎক্ষণিকভাৱে অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী ঘটনাস্থলীত উপস্থিত হৈ অগ্নি নিৰ্বাপিত কৰিবলৈ সক্ষম হয়।

কিন্তু অগ্নি নিৰ্বাপক বাহিনীৰ গাডী আহি জুই নিৰ্বাপন কৰালৈ বেটাৰী চালিত ই-ৰিক্সাখনৰ সম্পূৰ্ণৰূপে জুইত জাহ যায়।