এই ব্লাড গ্ৰুপৰ লোক কৰ’নাভাইৰাছত আক্ৰান্ত হোৱাৰ সম্ভাৱনা বেছি: প্ৰাৰম্ভিক গৱেষণা

এ ব্লাড গ্ৰুপৰ লোকৰ কৰ’নাভাইৰাছত আক্ৰান্ত হোৱাৰ সম্ভাৱনা বেছি। অ’ গ্ৰুপৰ লোকে এই ৰোগক অধিক প্ৰতিৰোধ কৰিব পাৰে।
কৰ’নাভাইৰাছত আক্ৰান্ত ৰোগীৰ ওপৰত চীনত চলোৱা প্ৰাৰম্ভিক গৱেষণাত এই তথ্য প্ৰকাশিত হৈছে।
কৰ’নাভাইৰাছৰ উৎপত্তিস্থল চীনৰ উহান চহৰত দুই হাজাৰ আক্ৰান্ত আৰু আক্ৰান্ত নোহোৱা মানুহৰ তেজৰ তুলনা কৰি গৱেষকসকলে এই তথ্য প্ৰকাশ কৰিছে।
গৱেষণাটোৰ মতে এ গ্ৰুপৰ লোকৰ ক্ষেত্ৰত সংক্ৰমণৰ হাৰ বেছি।
“এ গ্ৰুপৰ ৰোগীসকলে অধিক গুৰুতৰ লক্ষণো দেখুওৱা পৰিলক্ষিত হৈছে,” গৱেষণাটোত লগতে কোৱা হৈছে।
অৱশ্যে গৱেষণাটো খুব প্ৰাৰম্ভিক পৰ্য্যায়ত আছে আৰু সেয়ে বিশেষজ্ঞসকলে এই ক্ষেত্ৰত অধিক গৱেষণাৰ অৱকাশ আছে বুলি মন্তব্য কৰিছে।
তথাপি গৱেষকসকলে ৰোগীৰ চিকিৎসা বা ৰোগৰ প্ৰতিৰোধৰ পদক্ষেপ গ্ৰহণৰ ক্ষেত্ৰত তেজৰ গ্ৰুপৰ পাৰ্থক্য বিবেচনা কৰিবলৈ আহ্বান জনাইছে।
ভাৰত চৰকাৰে ইতিমধ্যে ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ আধা সংখ্যকক ঘৰৰ পৰাই কাম কৰাৰ নিৰ্দেশ দিছে।
২০১৯ চনৰ শেষৰ ফালে চীনৰ উহান চহৰত এই ৰোগে প্ৰথম দেখা দিছিল। বৰ্তমান গোটেই পৃথিৱীলৈ এই ৰোগ বিয়পি পৰিছে।
অসমত বৰ্তমানলৈকে কোনো লোক কৰ’নাভাইৰাছত আক্ৰান্ত হোৱাৰ খবৰ অহা নাই।
কৰ’নাভাইৰাছত এতিয়ালৈকে বিশ্বজুৰি দুই লাখতকৈ অধিক লোক আক্ৰান্ত হৈছে। আঠ হাজাৰতকৈয়ো অধিক লোকৰ মৃত্যু হৈছে।
চীনত ৮২,০০০, ইটালিত ২৭,৯৮০ আৰু ইৰানত ১৬,১৬৯ গৰাকী ব্যক্তি আক্ৰান্ত হৈছে।