NORTHEAST NOW (Assamese)
অসম

৪৯ কেজি শাখাত অলিম্পিকলৈ যোগ্যতা অৰ্জন ভাৰোত্তোলক মীৰাবাঈ চানুৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 21, 2020 10:35 am
mirabai chanu

তাৰকা ভাৰোত্তোলক মীৰাবাঈ চানুৱে চলিত বৰ্ষৰ টকিঅ’ অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰিবলৈ সক্ষম হৈছে।

অলিম্পিকলৈ ভাৰোত্তোলনৰ শেষৰখন কোৱালিফায়িং প্ৰতিযোগিতা এছিয়ান চেম্পিয়নশ্বিপ কৰ’না ভাইৰাছৰ বাবে বাতিল হোৱাৰ পাছত অলিম্পিকলৈ যোগ্যতা অৰ্জনৰ বাট মুকলি হয় চানুৰ।

উল্লেখযোগ্য যে, মহিলাৰ ৪৯ কেজি শাখাৰ বিশ্ব ৰেকিঙৰ মীৰাবাঈ চানু বৰ্তমান তৃতীয় স্থানত আছে।

উল্লেখযোগ্য যে, অলিম্পিকলৈ যোগ্যতা অৰ্জনৰ বাবে ছটা ইভেণ্টত অশ লোৱাটো বাধ্যতামূলক আৰু চানুৱে ইয়াৰ ভিতৰত পাঁচটা ইভেণ্টত অংশগ্ৰহণ কৰিছে।

অলিম্পিকলৈ যোগ্যতা নিৰ্ণয়ৰ বাবে প্ৰয়োজনীয় ইভেণ্ট শেষ হোৱাৰ পাছত বিশ্বৰ শীৰ্ষৰ আঠগৰাকীয়ে খেলুৱৈয়ে অলিম্পিকলৈ আপোনা আপুনি যোগ্যতা অৰ্জন কৰে।

মীৰাবাঈ চানু বৰ্তমান তৃতীয় স্থানত আছে সেয়েহে তেওঁ অলিম্পিকলৈ দ্বিতীয়বাৰৰ বাবে যোগ্যতা অৰ্জন কৰাটো প্ৰায় নিশ্চিত হৈ পৰিল।