NORTHEAST NOW (Assamese)
অসম

কৰ’নাভাইৰাছৰ বাবে গুৱাহাটীৰ সমূহ ৰঙালী বিহু সন্মিলনীৰ কাৰ্য্যসূচী বাতিল

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 21, 2020 11:10 am
Coronavirus: All Rongali Bihu programmes cancelled in Guwahati

কৰ’নাভাইৰাছৰ আতংকৰ বাবে গুৱাহাটীত এইবাৰ সমূহ ৰঙালী বিহু উদযাপনৰ কাৰ্য্যসূচী বাতিল কৰা হৈছে।

সদৌ গুৱাহাটী ৰঙালী বিহু সন্মিলনী সমন্বয়ৰক্ষী সমিতিয়ে শুকুৰবাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে।

“আজি হোৱা এক সভাত বিহুৰ সকলো কাৰ্য্যসূচী সাময়িকভাৱে বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে,” সমিতিৰ সাধাৰণ সম্পাদক প্ৰিন্স ফাইজুল হকৰ উদ্ধৃতিৰে বাতৰিত প্ৰকাশ।

তেওঁ লগতে জনাইছে যে ১৩ এপ্ৰিলৰ পুৱা বিহুৰ পৰম্পৰাসমূহ পালন কৰা হ’ব, কিন্তু সন্ধিয়াৰ আন সকলো কাৰ্য্যসূচী বন্ধ থাকিব।

অসমত এতিয়ালৈকে কৰ’নাভাইৰাছত আক্ৰান্ত কোনো লোক চিনাক্ত হোৱা নাই।

বিশ্বজুৰি আতংকৰ সৃষ্টি কৰা ভাইৰাছবিধ প্ৰতিহত কৰাৰ বাবে চৰকাৰে জৰুৰী সাৱধানতামূলক পদক্ষেপ গ্ৰহণ কৰিছে।

ভাৰতত এতিয়ালৈকে ২৫০গৰাকীৰো অধিক কৰ’নাভাইৰাছত আক্ৰান্ত ৰোগী চিনাক্ত হৈছে। পাঁচজন লোক মৃত্যুমুখত পৰিছে।

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰ’নাভাইৰাছৰ বিৰুদ্ধে ২২ মাৰ্চৰ পুৱা ৭ বজাৰ পৰা সন্ধিয়া ৯ বজালৈকে দেশজুৰি জনতাৰ কাৰ্ফিউ আহ্বান কৰিছে।